নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে

🎯 বানৰ কবলত ৭৮২১টা পৰিয়াল আৰু ২০৫৬.৭৪ হেক্টৰ কৃষিভূমি
🎯 নৈ-উপনৈৰ বাঢ়নী পানীয়ে বুৰাইছে ন ন অঞ্চল
নিয়মীয়া বাৰ্তা, ১ জুলাই : জোনাইত বানে লৈছে এক জটিল পৰিস্থিতি৷ যোৱা এসপ্তাহে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত মহকুমাটোৰ সকলোবোৰ সৰু বৰ নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত বান পৰিস্থিতিয়ে এক জটিল ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ আজিও বিশেষকৈ মহকুমটোৰ  ৰামধন দিখাৰী, লাইমেকুৰী, বিজয়পুৰ, চিলে, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ প্ৰায় শতাধিক গাঁও বুৰাই পেলাইছে বাঢ়নী পানীয়ে৷ মহকুমাটোৰ নৈ-উপনৈৰ বাঢ়নী পানীয়ে  জলডুৱি, উলনি, বগুৰিগুৰী, মোলান, বদলপুৰ, বাহিৰ চিলে,লংকা, কাৰ্দংচুক, মালভোগ, বেৰা বেংগলী, শান্তিপুৰ,  ৰাভাকাঠনি আদি কেবাখনো গাওঁত বাঢ়নী পানীয়ে  বেছিকৈ ক্ষতি কৰা পৰিলক্ষিত হৈছে৷ দিখাৰী নদীৰ বাঢ়নী পানীয়ে বগুৰিগুৰী অঞ্চলৰ গড়কাপ্তানী পথৰ  বহু ঠাইত ক্ষতি কৰাৰ লগতে পথৰ উপৰেদি বাগৰি যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হয় পৰা দেখা গৈছে৷  বাটপথ, ঘৰ দুৱাৰ সকলো বাঢ়নী পানীয়ে বুৰাই পেলোৱাত ঘৰৰ ভিতৰতে আৱদ্ধ হয়  পৰাত ৰাইজৰ মাজত খাদ্য সংকটে দেখা দিছে বুলি জানিবলৈ দিছে গাঁওবাসীয়ে৷ অনতিপলমে গাঁওবাসীৰ মাজত খোৱা সামগ্ৰী বিতৰণ কৰিবলৈ অনুৰোধ জনাইছে। আনহাতে ,জোনাই মহকুমাহৰ  বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা গাওঁখন হল শিৱগুৰি ৷ ব্ৰহ্মপুত্ৰ, দতুং, দিবাং নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ  শিৱগুৰি অঞ্চল বুৰাই পেলোৱাত গাৱঁবাসীক উদ্ধাৰ কৰি আশ্ৰয় শিৱিৰলৈ অনা হয়৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী বান শিৱিৰত দেওবাৰে জোনাইৰ বিধায়ক ভূৱন পেগু উপস্থিত হয় আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সতে মতবিনিময় কৰাৰ উপৰি বানাক্ৰান্ত ৰাইজক কিছু খাদ্য-বস্ত্ৰ বিতৰণ কৰে। তাৰোপৰি বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবৰ নিমিত্তে অসম চৰকাৰ প্ৰস্তুত থকাৰ উপৰি জোনাই মহকুমা প্ৰশাসনক সকলো প্ৰকাৰে সস্তম হয় থকাৰ নিৰ্দেশ দিয়ে বিধয়াক জনে৷ উল্লেখযোগ্য যে জোনাই মহকুমা ৰাজহচক্ৰৰ তথ্য অনুসৰি মহকুমাটোত জলমগ্ন হৈছে প্ৰায় শতাধিক গাঁও, ৭৮২১  লোক বানাত আক্ৰান্ত আৰু ২০৫৬.৭৪ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে বুলি জানিবলৈ দিয়াৰ লগতে বানক্ৰান্ত লোকক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ নাও ব্যৱহাৰ হৈছে৷ ইয়াৰ উপৰি বানাক্ৰান্তক এটা অস্থায়ী চৰকাৰী আশ্ৰয় শিবিৰ স্থাপন কৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰ্ধশতাধিকক আশ্ৰয় গ্ৰহন কৰিছে ৷
প্ৰেৰক কৰবী দলে
You might also like