নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত ছত্ৰং নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকী দলঙৰ দুয়ো মূৰ

নিয়মীয়া বাৰ্তা, ১৮ জুন : গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নৈৰ বাঢ়নী পানীয়ে আজি পুৱাৰ ভাগত নগৰখনৰ মধ্য ছত্ৰং-ধেনুধৰা সংযোগী পথত থকা এখন পকী দলঙৰ দুই মূৰ খহাই নিয়াৰ ফলত উক্ত পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা ছত্ৰং নৈৰ তীব্ৰ গতিসম্পন্ন স্ৰোতধাৰাই আজি পুৱা প্ৰায় ৮.৩০ বজাত নগৰখনৰ ৭নং ৱাৰ্ডৰ মধ্য ছত্ৰং পথৰ পকী দলংখনৰ দুয়ো মূৰ খহাই নিয়াৰ ফলত পকী দলংখন তললৈ বহি যোৱা পৰিলক্ষিত হয়। গহপুৰ নগৰৰ ৭নং ৱাৰ্ডৰ মধ্য ছত্ৰঙৰ পৰা ১নং ৱাৰ্ডৰ ধেনুধৰা সংযোগী সদা ব্যস্ত পথটোৰ পকী দলঙৰ দুয়োপাৰ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। মধ্য ছত্ৰঙৰ গোৰ্খা সাংস্কৃতিক ভৱন তথা এবিটা হলৰ সন্মুখত থকা দলংখনৰ এনে দুৰৱস্হাৰ ফলত আজি এলেকাটোৰ বহুসংখ্যক শিক্ষাৰ্থী বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হয়। উল্লেখ্য যে ফেনে-ফোটোকাৰে বাঢ়ি অহা ছত্ৰং নৈৰ জলধাৰাই বৰ্তমান গহপুৰ নগৰৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক নিৰোদ কাথ হাজৰিকা
You might also like