নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত পৰ্যটক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতেই তৎপৰ বন বিভাগ

নিয়মীয়া বার্তা, কাজিৰঙা, ১ জানুৱাৰীঃ কাজিৰঙাত পৰ্য্যটক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতেই গা লৰিল বন বিভাগৰ। বছৰটোৰ অন্তিমটো দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিটাকৈ বনাঞ্চলত প্ৰৱেশ কৰা জীপছী চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে বনবিভাগৰ লগতে আৰক্ষী, পৰিবহন বিভাগ আৰু আবকাৰী বিভাগে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত সুৰামত্ত চালকৰ বাবেই এখন জীপছী দুৰ্ঘটনাত পতিত হৈছিল।য’ত পশ্চিমবঙ্গৰ দুগৰাকী সহ চাৰিগৰাকী পয্যটক গুৰুতৰভাৱে আহত হব লগা হৈছিল। এই ঘটনাৰ পাছতেই তৎপৰ হৈ পৰে গোলাঘাট জিলা প্ৰশাসন আৰু বনবিভাগ। ডি এফ অ’ অৰুণ ভিগ্নিশ আৰু গোলাঘাট জিলা পৰিবহণ বিষয়া মন্তু কুমাৰ দাসৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশ দ্বাৰ মিহিমুখত প্ৰতিখন জীপছী বাহনত তালাচী চলায়। ব্ৰেথ এনালাইজাৰৰ জড়িয়তে চালকসকলক পৰীক্ষা কৰে গোলাঘাট জিলা পৰিবহনৰ এনফৰ্চমেণ্ট বিভাগৰ দলে। লগতে বাহনত উঠি যোৱা পয্যটক সকলৰ বেগ সমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে বনকৰ্মীৰ দলে। সমান্তৰাল ভাৱে বাগৰি বনাঞ্চলত তালাচী চলায় বন বিভাগে। উল্লেখযোগ্য যে বাগৰি বনাঞ্চলত চলোৱা তালাচীত দুগৰাকী চালকে মদ্যপান কৰাটো নিশ্চিত হোৱাত তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। ইপিনে উক্ত পথ দুৰ্ঘটনাৰ পাছতে আজি কাজিৰঙাত উপস্থিত হয় গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত। জিলা আয়ুক্ত গৰাকীয়ে ডি এফ অ’ অৰুণ ভিগ্নিশ আৰু জিলা পৰিবহন বিষয়া মন্তু কুমাৰ দাসৰ পৰা দুৰ্ঘটনাটোৰ সন্দৰ্ভত বুজ লয়।লগে লগেই জিলা আয়ুক্ত গৰাকীয়ে পৰিবহন বিষয়া গৰাকীক জীপছী খনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে চালক অতুল শইকীয়াৰ অনুজ্ঞাপত্ৰ সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।আনহাতে ভৱিষ্যতে যাতে উদ্যানৰ ভিতৰত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ডি এফ অ’ গৰাকীক কঠোৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। আনহাতে কাজিৰঙা উন্নয়ন আৰু জিপ চাফাৰী সন্থা আৰু কাজিৰঙা পয্যটন ব্যৱসায়ী কল্যান ছচাইটিৰ বিষয়-ববীয়াক মতাই আনি এনে ঘটনাৰ পুনৰাবৃত্তি হলে ইয়াতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আয়ুক্ত গৰাকীয়ে সকীয়নী দিয়ে। সন্থাৰ বিষয় ববীয়াই ভৱিষ্যত দিনত জিলা প্ৰশাসন আৰু বনবিভাগক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like