নিয়মীয়া বাৰ্তা, ১৩ জুনঃ গোৱালপাৰাৰ শিমলীতোলা অঞ্চলত মুকলিকৈ অবৈধ কাঠৰ ব্যৱসায় চলি থকাৰ মাজতে হঠাৎ গা লৰিল বন বিভাগৰ। শিমলীতোলাৰ কামাৰপোতাত বুজন পৰিমাণৰ অপৈণত শাল কাঠ জব্দ বন বিভাগৰ | আজি পুৱা প্ৰায় দহ বজাত শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বন বিষয়া কনক ডেকাৰ নেতৃত্বত বন বিভাগৰ এটা দলে বুজন পৰিমাণৰ অবৈধ শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয় | শালকাঠখিনি গাঁওখনৰ আকবৰ মণ্ডল নামৰ কাঠ ব্যৱসায়ী এজনৰ চোতালত থূপাই থোৱা অৱস্থাত জব্দ কৰা হয় | বন বিভাগৰ অভিযান কালত শিমলীতোলা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলেও সহযোগ কৰে | বন বিভাগ আৰু আৰক্ষীয়ে জব্দকৃত কাঠৰ কুণ্ডাখিনি শিমলীতোলা খণ্ড বন কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে | জানিব পৰা মতে, কুমলীয়া শালকাঠৰ কুণ্ডাসমূহ গাঁওখনৰ আকবৰ মণ্ডল নামৰ এজনৰ চোতালত বিক্ৰীৰ বাবে থূপাই ৰখা হৈছিল |জব্দ কৰা শালকাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় লাখ টকা হ’ব বুলি উল্লেখ কৰে বন বিষয়াই |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস