বাৰ্তা ব্যুৰ, ২৮ মেঃ মৰিগাঁওবাসী ৰাইজৰ বহু প্ৰত্যাশিত বৈষ্ণৱ পণ্ডিত ইলাৰাম দাস সোঁৱৰণী সংগ্ৰহালয়ৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাঁহী সদস্য জীৱন ছন্দ কোঁৱৰ, মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা, বিশিষ্ট সাংবাদিক অজিত কুমাৰ শৰ্মা, প্ৰতাপ হাজৰিকা আদিৰ উপস্থিতিত ১ কোটি টকা ব্যয়সাপেক্ষে এই নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়।
প্ৰেৰক প্ৰাঞ্জল দাস