নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত জীয়াভৰলী বহুমুখী পামৰ টঙিঘৰৰ আধাৰশিলা

নিয়মীয়া বাৰ্তা, ১৭ জুন : জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ এশ বিঘা মাটিত গঢ় লৈ উঠা “জীয়াভৰলী বহুমুখী পাম” নামৰ কৃষি পামখনত আজি  এটা টঙিঘৰৰ  আধাৰশিলা স্থাপন কৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্য ৰূপম নৰহে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা দুই লাখ টকা পুঁজিৰে নিৰ্মাণ হ’বলগীয়া এই টঙিঘৰৰ আধাৰশিলা স্হাপন কৰি দিয়া ভাষণ প্ৰসংগত মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্যগৰাকীয়ে কয় যে জীয়াভৰলী বহুমুখী পাম নামেৰে জীয়াভৰলী নদীৰ পাৰত স্হাপিত এই কৃষিপামখনে অঞ্চলটোৰ নিবনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। যিহেতু সমষ্টিটোৰ কৰ্মোদ্যোগী বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ আদৰ্শৰ ভেটিতে এই কৃষিপামখনৰ শুভাৰম্ভ  কৰা হৈছে । আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, MMKৰ  কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিৰ লগতে  জীয়াভৰলী বহুমুখী কৃষিপামৰ সভাপতি দ্বীপেন মিলি, সম্পাদক থানেশ্বৰ মিলি, সদস্য পৱন মিলি, প্ৰশান্ত লিংকু আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়েং, সমাজকৰ্মী ফণিধৰ নৰহকে ধৰি অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলে।
প্ৰেৰক হিৰণ্য বৰা
You might also like