নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিহত বনৰক্ষী ধনমণিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : হোমৰ জুইক সাক্ষী কৰি ছমাহ পূৰ্বে বোৱাৰী সাজ পিন্ধিছিলহে মাথোন। গাৰ পৰা যোৱাই নাছিল মাহ হালধিৰ গোন্ধ। দুয়ো হাতে হাত ধৰি জীৱনটোক নতুনকৈ আগবঢ়াই নিব খুজিছিলহে মাথোন। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসে যেন সকলো সপোনেই চুৰমাৰ কৰি দিলে নগাঁও-হাতীমাৰাৰ ন-বোৱাৰী জয়া মহন্তৰ। কালি সন্ধিয়া কৰ্তব্যৰত অৱস্থাতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বনৰক্ষী জোৱান ধনমণি ডেকাৰ অকাল মৃত্যুৰ পিছত এতিয়া যেন দুচকুত কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। শোকত ভাগি পৰা পত্নীক সান্তনা দিয়াৰ ভাষা যেন হেৰুৱাই পেলাইছে সকলোৱে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানত আন এগৰাকী সহকৰ্মীৰে নিয়মীয়া টহল দি থকাৰ সময়তে সন্ধিয়া এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে ডিঙিত কামুৰি চোঁচৰাই লৈ গৈছিল আঠ বছৰ ধৰি কৰ্মৰত হৈ থকা ছিপাঝাৰৰ নগাঁও-হাতীমাৰাৰ ধনমণি ডেকাক। সন্ধিয়া পাঁচ মান বজাতে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত নিশা প্ৰায় দহ বজাত ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ মান দূৰত্বত উদ্ধাৰ হৈছিল ধনমণিৰ ক্ষত বিক্ষত মৃতদেহ। নিশাই ওৰাঙৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৃতদেহ লৈ অহা হয় আৰু নিশাটো চিকিৎসালয়ৰ মৰ্গত ৰাখি আজি দিনৰ ভাগত সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা। ইফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিহত জোৱানগৰাকীৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিবেশৰ। বিধাতাৰ লিখন বুলি নিজকে সান্ত্বনা দিলেও এগৰাকী চফল ডেকাৰ এই অকাল মৃত্যুক যেন সহজ ভাবে ল’ব পৰা নাই গাঁওবাসীয়ে। পিতূ-মাতৃ, জ্যেষ্ঠা ভগ্নী তথা জ্যেষ্ঠ ভ্ৰাতৃ সকলো ভাগি পৰিছে শোকত। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মসূত্ৰে থকা পত্নী জয়া মহন্ত‌ শোকত ভাগি পৰিছে। কৰ্মসূত্ৰে স্বামী-স্ত্ৰী দুয়ো পৃথকে পৃথকে ঘৰৰ বাহিৰতে থাকিলেও বিগত ১৪ আগষ্টত দুয়ো লগা লগি হৈ ঘৰলৈ আহি ১৬ আগষ্টত দুয়ো ৰাওনা হৈছিল নিজৰ নিজৰ কৰ্মস্থলীলৈ। আৰু সেয়াই আছিল স্বামীৰ লগত অন্তিম দেখা। প্ৰায় প‌্ৰতিদিনেই ফোনযোগে যোগাযোগত থকা স্বামী ধনমণিয়ে পত্নীলৈ অন্তিমটো ফোন কৰিছিল কলি দিনৰ ২.৪৫মান বজাত। পত্নীক ভাত খাই উঠি জিৰণি লৈ থকা বুলি কোৱা ধনমণিৰ যেন জিৰণিৰ অন্ত নপৰিল। দুপৰীয়া হাহিমুখেৰে কথা পতা মানুহজনেই বিয়লি হৈ পৰিছিল বাঘৰ চিকাৰ। যেন কোনো কালেই ভাবিব নোৱাৰা এটা দু: স্বপ্নৰ দৰে ঘটি গ’ল এই শিহৰণকাৰী ঘটনাটো। ইফালে ঘটনাৰ বিষয়ে খবৰ পায়েই ফোন কৰাত সহকৰ্মীৰ মুখৰ পৰা গম পাইছিল সবিশেষ। দিনৰ সেই ফোনৰ কথা বতৰাই যেন আছিল অন্তিম কথা বতৰা স্বামীৰ লগত। ইফালে মাত্ৰ ছমাহতেই যুগ্ম জীৱনৰ সকলো সপোন ভাগি ছিগি চুৰমাৰ হোৱা ধনমণিৰ পত্নী জয়া মহন্তৰ প্ৰতি বন বিভাগ তথা চৰকাৰৰ সু দৃষ্টি কামনা কৰিছে স্থানীয় ৰাইজে। পত্নীৰ কৰ্মসংস্থাপনৰ লগতে পৰিয়ালটো চলিব পৰাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবেও আজি দাবী জনাইছে ৰাইজে। ইফালে শোকত ভাগি পৰা জয়া মহন্তয়ো বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। বিশেষকৈ ভৱিষ্যত জীৱনটো চলিব পৰাকৈ কিবা ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি কাতৰ আহ্বান জনাইছে স্বামীহাৰা জয়া মহন্ত‌ই। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰলৈ আনি পিছত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম অনুসৰি সম্পন্ন কৰা হয় ধনমণি ডেকাৰ অন্ত‌্যষ্টিক্ৰিয়া।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like