🔹 ফিতা কাটি খেলপথাৰ মুকলি কৰে পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই
বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যজুৰি আয়োজন কৰা খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ খেলসমূহ মৰিয়নিত আজিৰে পৰা আৰম্ভ হৈছে । মৰিয়নি পৌৰসভা পৰ্যায়ৰ খেলসমূহ মৰিয়নি পৌৰসভাৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত আৰম্ভ কৰা হয় । পুৱা ১০ বজাত ফিতা কাটি খেলপথাৰ মুকলি কৰে পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই । ইয়াৰ পিছতে উপ-পৌৰপতি প্ৰদীপ দাসে আঁত ধৰা খেলৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, প্ৰবীণ ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠক বিমান বৰবৰা, জ্যেষ্ঠ নাগৰিক-সমাজ সংগঠক ধীৰেন্দ্ৰ নাথ দত্ত, পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগ আদিয়ে বক্তব্য প্ৰদান কৰি খেলুৱৈসকলক উৎসাহিত কৰে । অনুষ্ঠানটোত পৌৰ সদস্য বিজন মজুমদাৰ, কস্তুৰী আগৰৱালা গগৈ, চুমকি মজুমদাৰ দত্ত, পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মাধুৰিমা মহন, যোৰহাট জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ দেৱজ্যোতি দত্ত, হৰেকৃষ্ণ গগৈ, জিতু কুমাৰ দাস, সমষ্টি পৰ্যায়ৰ সমিতিৰ বিষয়ববীয়া মহেশ্বৰ গোৱালা, আন্তঃৰাষ্ট্ৰীয় নেটবল খেলুৱৈ ঝৰ্ণা দেৱনাথ আদি উপস্থিত থাকে। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ দ্বীপ দত্তই খেলুৱৈসকলৰ হৈ শপতবাক্য পাঠ কৰা অনুষ্ঠানটোত এ ৱান ডেন্স একাডেমীৰ শিল্পীসকলে নৃত্যানুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। ইয়াৰ পিছতে খেলসমূহ উদ্বোধন কৰে পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই । আজি প্ৰথম দিনা এথলেটিক খেলসমূহ অনুষ্ঠিত হয় । ইফালে, সমষ্টিটোৰ আটাইকেইখন পঞ্চায়ততে আজিৰে পৰা খেল মহাৰণৰ খেলসমূহ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে । কাইলৈ দবা আৰু কাবাদী খেল অনুষ্ঠিত হ’ব ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া