বিশেষ বাৰ্তা, ২৬ জানুৱাৰী : বাক্সা জিলাৰ সদৰ চহৰ মুছলপুৰত অহা ৯ মাৰ্চত বিটিআৰৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপি দলে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে৷ এই লৈ মুছলপুৰ প্ৰেছ ক্লাবত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই এক সংবাদ মেলৰ আয়োজন কৰি কয় যে এদিনীয়াকৈ অনুষ্ঠিতব্য এই অধিৱেশনৰ বাবে ইতিমধ্যে বিটিচিৰ পাৰিষদ ঘনশ্যাম দাসক সভাপতি আৰু নৱ কুমাৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ বিভিন্ন জাতি-জনগোষ্ঠীক সামৰি দলটো শক্তিশালী কৰাৰ প্ৰয়াসেৰে বিশ সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত দলটোৰ জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, উত্তৰপ্ৰদেশ, অৰুণাচল আদি ৰাজ্যত থকা প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বুলি শৰণীয়াই উল্লেখ কৰে৷ আনহাতে এই অধিৱেশনতে দলটোৱে আগন্তুক বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব বুলি জনায় প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ তেওঁ লগতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা প্ৰায় নিশ্চিত বুলি উল্লেখ কৰি যদি মিত্ৰতা হয় তেন্তে বিপিএফ-জিএছপিয়ে ৩২ৰ পৰা প্ৰায় ৩৫খন আসন লাভ কৰিব বুলিও দৃঢ়তাৰে দাবী উত্থাপন কৰে। সংবাদ মেলত গণ সুৰক্ষা পাৰ্টিৰ উপ-সভাপতি তথা বিটিচিৰ পাৰিষদ ঘনশ্যাম দাস, বাক্সা জিলা গণ সুৰক্ষা পাৰ্টিৰ সাধাৰণ সম্পাদক অনন্ত ডেকাৰ লগতে কেবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে৷
প্ৰেৰক নিৰেণ কুমাৰ শৰ্ম্মা