নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণপাৰাত লক্ষ্মী পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বামুণপাৰাত আৰম্ভ হৈছে সৰুপেটা পূৰ্বাঞ্চল শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী মহোৎসৱ। আজি পুৱাৰ ভাগত বামুণপাৰা গাৱঁৰ বৰ্ষীয়ান সমাজকৰ্মী নাৰায়ণ শৰ্মা আৰু ৰাষ্ট্ৰীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ সহধৰ্মিণী প্ৰাঞ্জলী দাসে গছপুলি ৰোপণেৰে চাৰিদিনীয়া সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সোণালী জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন কৰে সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা ৰমণী মোহন শৰ্মাই। দিনৰ দহ বজাৰ পৰা বামুণপাৰা তথা সৰুপেটা অঞ্চলত উলিওৱা হয় অসমীয়া বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত এক বিশাল সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰম্ভণিতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বামুণপাৰা গাঁও সমিতিৰ সভাপতি অসীম ডেকা আৰু সম্পাদক ভৱজ্যোতি শৰ্মাই। উল্লেখ্য যে বামুণপাৰা-সৰুপেটা অঞ্চলত প্ৰায় দহ কিলোমিটাৰ এলেকা পৰিভ্ৰমণ কৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সহস্ৰাধিক শিল্পী, সোণালী জয়ন্তী মহোৎসৱৰ উদ্যোক্তা তথা ৰাইজে।সাংস্কৃতিক শোভাযাত্ৰাত বড়ো আৰু অসমীয়া জনগোষ্ঠীয় বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। তদুপৰি সাংস্কৃতিক শোভাযাত্ৰাত বড়ো জনগোষ্ঠীয় শিল্পীয়ে ‘মাইনাও ব’ৰায়নায়’ (লক্ষ্মী আদৰণি)ৰ দৃশ্য প্ৰদৰ্শনত এক আধ্যাত্মিকতাপূৰ্ণ দৃষ্টিনন্দন ছবি চিত্ৰিত হৈ উঠাৰ লগতে লক্ষ্মী পূজাৰ তাৎপৰ্য প্ৰস্ফুটিত হয়। সন্ধিয়া পৰম্পৰা-ৰীতিৰে লক্ষ্মী দেৱীৰ প্ৰতিমা স্থাপন কৰাৰ লগতে পূজা-অৰ্চনা, পুষ্পাঞ্জলি গ্ৰহণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়িত হয়। লগতে ওজাপালি পৰিৱেশন কৰা হয়। নিশা মঞ্চ উদ্বোধন কৰাৰ পিছতে কৰ্দৈগুৰিৰ শ্ৰীশংকৰ নাট্য সমাজে সামাজিক নাট ‘ৰামলীলা’ মঞ্চস্থ কৰে। উল্লেখ্য যে বামুণপাৰাত উদযাপিত সৰুপেটা পূৰ্বাঞ্চল শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী মহোৎসৱত আজি লোকাৰণ্য হৈ পৰে মহোৎসৱথলী। পৰৱৰ্তী তিনিওটা দিনতে বিভিন্ন কাৰ্যসূচী ৰূপায়িত হ’ব।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like