নিৰাপত্তাত নতুন দিশৰ সূচনা, ওলোমা দলঙেৰে পাৰ হ’ল সোণালী বান্দৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ মাঘ বিহুৰ দিনটোতেই এটা ভাললগা খবৰ৷ সঘনাই মৃত্যুমুখত পৰা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা৷ ৰাইজৰ সহযোগত বঙাইগাঁও জিলা প্ৰশাসনে সজোৱা প্ৰথমখন পৰীক্ষামূলক ওলোমা দলঙেৰে পাৰ হ’ল সোণালী বান্দৰ৷ অৱশেষত মাঘ বিহুৰ দিনটোতেই প্ৰকৃতিপ্ৰেমীসকলৰ বাবে আহিল এটা ভাল খবৰ৷ পুৱাই সকলোৰে মুখত বিৰিঙিল হাঁহি৷ বছৰ বছৰ ধৰি দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ বাবে প্ৰকৃতিপ্ৰেমীসকলে কৰা যুঁজখনে পালে সফলতা৷ বঙাইগাঁৱৰ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা প্ৰথমখন ওলোমা দলঙেৰে পাৰ হ’ল সোণালী বান্দৰ৷ সোণালী বান্দৰ… বিশ্বৰ আপুৰুগীয়া প্ৰাণীসমূহৰ ভিতৰত অন্যতম। এই সোণালী বান্দৰ নামনি অসমৰ বিশেষকৈ বঙাইগাঁওৰ কাকৈজানাত পোৱা যায়৷ কিন্তু সংখ্যাত অতি তাকৰ, বিলুপ্তৰ গৰাহত গতি কৰা এই সোণালী বান্দৰ ভূগিছিল নিৰাপত্তাহীনতা৷ খাদ্যৰ অভাৱত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা সোণালী বান্দৰৰ সঘনাই মৃত্যু হৈছিল দুটা কাৰণত। মুক্ত বিদ্যুৎ পৰিৱাহী তাৰত লাগি আৰু কাকৈজানাৰ মাজেৰে পাৰ হৈ যোৱা ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত সঘনাই মৃত্যু হৈ আহিছিল সোণালী বান্দৰৰ৷ যোৱা ৪ জানুৱাৰীত কাকৈজানাতে তীব্ৰবেগী বাহনৰ খুন্দাত এটি সোণালী বান্দৰৰ মৃত্যু হোৱাত কাকৈজানাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কৰিছিল ৰাজপথ অৱৰোধ। তাৰ পিছতেই বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ তত্ত্বাৱধানত ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথ সোণালী বান্দৰ ইপাৰ-সিপাৰ হ’ব পৰাকৈ এখন ওলোমা দলং নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হয় ৷