🔹 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা
বিশেষ বার্তা, ৩ নৱেম্বৰ : ৰাসোৎসৱলৈ মাজত মাথোঁ কেহটামান দিন বাকী থকা অৱস্থাত এতিয়া মাজুলীৰ প্রায় ৬৫খন ৰাস মঞ্চই দুপৰনিশালৈ আখৰা তুংগত তুলিছে৷ ইয়াৰ মাজতে মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিছে এক সুখবৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মাজুলীৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহলৈ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ পূর্বে ঘোষণা কৰা ২৫ হাজাৰ টকাৰ সাহায্যৰ উপৰি এতিয়া মাজুলীৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহে লাভ কৰিব অতিৰিক্ত ৫০ হাজাৰকৈ টকা৷ এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে কয় যে অসমৰ আত্মা আৰু সাংস্কৃতিক ভাবমূর্তিক প্রতিনিধিত্ব কৰা মাজুলীৰ ৰাস মহোৎসৱ হৈছে এক জীৱন্ত উদযাপন৷ আমাৰ চৰকাৰে এই গুৰুত্বপূর্ণ অনুষ্ঠানৰ সন্মানার্থে ইয়াৰ প্রতিখন ৰাস সমিতিৰ বাবে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ অনুদান ঘোষণা কৰিবলৈ পাই আহ্লাদিত হৈছে৷ এই অনুদানৰাশি পূর্বে ঘোষণা কৰা ২৫ হাজাৰ টকাৰ অতিৰিক্ত হিচাপে আগবঢ়োৱা হৈছে৷ এই পদক্ষেপ অসমৰ সমৃদ্ধ ঐতিহ্য আৰু পৰম্পৰা প্রদর্শনৰ প্রিয় উৎসৱটোৰ আয়োজনত সহযোগিতা আৰু সম্প্রসাৰণৰ প্রতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্রতিফলন বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ইফালে, এই সিদ্ধান্তত মাজুলীৰ ৰাস উদযাপন সমিতিসমূহ উৎফুল্লিত হোৱাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে অহা ১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাসোৎসৱ৷ অৱশ্যে মাজুলীৰ একাংশ ৰংগমঞ্চত ১৪ নৱেম্বৰৰ পৰা ৰাসোৎসৱ আৰম্ভ হ’ব৷