নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ঝুমইৰ বিনন্দিনী’ত অংশ লোৱা শিল্পীক চৰকাৰে দিব ২৫ হাজাৰকৈ

🔹 সৰুসজাইত অনুশীলন চাই ঘোষণা মুখ্যমন্ত্রীৰ

🔹 ৮০০খন চাহ বাগিচাত স্থাপন হ’ব সাংস্কৃতিক সংঘ

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ব দৰবাৰত জনপ্রিয়কৰণৰ বাবে ২৪ ফেব্রুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান৷ কালি সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ প্রস্তুতিৰ বুজ লোৱাৰ লগতে শিল্পীসকলে পৰিৱেশন কৰা ঝুমুইৰ নৃত্যৰ আখৰাও প্রত্যক্ষ কৰে৷ পৰম্পৰাগত সাজ–পোছাক পৰিধান কৰি প্রায় ৮,৮০০ যুৱক–যুৱতীয়ে  ঢোল, মাদল, ধমছা আৰু বাঁহী বজাই পৰিৱেশন কৰা সংগীত–নৃত্যৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হোৱা আখৰাই সমগ্র পৰিৱেশ মুখৰ কৰি তোলে৷ অনুষ্ঠান প্রত্যক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ২৪ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্রদর্শন সম্পর্কে কেইবাটাও গুৰুত্বপূর্ণ পৰামর্শ প্রদান কৰাৰ লগতে মাষ্টাৰ ট্ৰেইনার্ছকে ধৰি অনুষ্ঠান পৰিৱেশন কৰা পুৰুষ–মহিলা নির্বিশেষে সকলো শিল্পীলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ নৃত্যশিল্পীসকলক তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনত সহায় কৰা বিশেষজ্ঞ দলৰ প্রতিজন সদস্যক ৩০ হাজাৰ টকাকৈ প্রদান কৰাৰ কথাও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ তদুপৰি সাংস্কৃতিক সংঘ স্থাপনৰ বাবে ৰাজ্যৰ ৮০০খন চাহ বাগিচালৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে এই ধনৰাশিয়ে সংঘসমূহক চাহ বাগিচা এলেকাৰ চহকী সংস্কৃতিক প্রচাৰ আৰু প্রসাৰৰ দিশত সহায় কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঝুমুইৰৰ জৰিয়তে অসমে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ চহকী কলা–সংস্কৃতিক উদযাপন কৰিব৷ ড০ শর্মাই ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষার্থ কৰা প্রতিগৰাকী শিল্পী, কলা–কুশলীক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে আজি সম্পূর্ণ সাজত পৰিৱেশন হ’বলগীয়া চূড়ান্ত আখৰা উপভোগ কৰাৰ বাবে আগ্রহী লোকসকলে সৰুসজাই ক্রীড়া প্রকল্পলৈ আহি সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠান উপভোগ কৰিব পাৰিব৷

You might also like