🔹 ৰূপহীমুখৰ এহেজাৰ বিঘা ভূমিত ৰচিছে ৰবিশস্যৰ সপোন
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : চৰকাৰে কৃষি বিভাগৰ জৰিয়তে ৰাজ্যৰ কৃষকে প্ৰতিডৰা মাটিত বছৰেকত দুটাকৈ খেতি কৰা ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনোৱাৰ সময়তে এদল প্ৰাক্তন আলফাই অস্ত্ৰ এৰি শিৱসাগৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া বানবিধ্বস্ত অঞ্চল ৰূপহীমুখত ঐক্যবদ্ধভাৱে দীৰ্ঘম্যাদী পদ্ধতিৰে ৰবি শস্যৰ খেতি কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি তুলিছে। উল্লেখ্য যে বছৰটোৰ বাৰটা মাহৰ ছমাহেই ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বানে জুৰুলা কৰা দিখৌমুখৰ সমীপৰ নদী কাষৰীয়া ৰূপহীমুখ অঞ্চলৰ চৰকাৰী আবাদী ভূমিত বিগত ৫ মাহৰো অধিক কাল ৰবিশস্যৰ খেতিৰ সৈতে জড়িত থকা প্ৰাক্তন আলফাৰ চাৰি শতাধিক সদস্যক উৎসাহ-উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা দলেও পৰ্যাপ্ত সহযোগ আগবঢ়াইছে। প্ৰণিধানযোগ্য যে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ তৎপৰতাত বিগত বৰ্ষত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা গঠিত “ব্ৰহ্মপুত্ৰ ভেলী বহুমুখী কো অপাৰেটিভ সমবায় সমিতি লিমিটেড” নামৰ সংস্থাটোক ৰূপহীমুখৰ প্ৰায় এহেজাৰ বিঘা আবাদী চৰকাৰী ভূমি কৃষিকৰ্মৰ বাবে হস্তান্তৰ কৰাৰ যাৱতীয় ব্যৱস্থা সম্পন্ন হৈছিল। অনুসন্ধান কালত পোহৰলৈ অহা খবৰ অনুসৰি, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱন ভূঞাৰ তৎপৰতাত আৰু কনিষ্ঠ অভিযন্তা মাধুৰ্য বৰচেতিয়াৰ সহযোগত নদী কাষৰীয়া চৰকাৰী আবাদী ভূমিত খৰালি ৰবি শস্যৰ বাবে প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰণ কৰিবলৈ দুটাকৈ সৌৰশক্তিচালিত জলসিঞ্চন প্ৰকল্প স্থাপনৰ প্ৰাথমিক প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰি তোলা হৈছে। কালি ৰূপহীমুখৰ উক্ত ৰবি শস্যৰ স্থলীত কৃষি, ৰাজহ আৰু জলসিঞ্চন বিভাগৰ একাধিক বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জলসিঞ্চন প্ৰকল্প দুটাৰ স্থাপনৰ কামৰ শুভাৰম্ভ কৰে জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা সমীৰজ্যোতি শইকীয়াই ৷ তদুপলক্ষে জলসিঞ্চন বিভাগৰ উপ-অভিযন্তা মাধুৰ্য দত্তই আঁত ধৰা এখন সভাত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱন ভূঞা, কৃষি বিষয়া আচিফ বৰা, জ্যেষ্ঠ বিষয়া উৎপল বৰুৱাৰ উপৰি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অৰবিন্দ চেতিয়া, সম্পাদক সুশীল দিহিঙীয়া, বিত্ত সম্পাদক উজ্জ্বল বৰুৱা আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য বিপূল কলিতাসহ বহুকেইগৰাকী মহিলা সদস্যাই অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত তিনিওটা বিভাগৰ বিষয়াবৰ্গই চমু ভাষণত সৌৰশক্তিচালিত জলসিঞ্চন প্ৰকল্প দুটাৰ জৰিয়তে বাৰ মাহে কৃষিকৰ্ম কৰিব পাৰিব বুলি মন্তব্য কৰে। ইফালে, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱন ভূঞাৰ এনে তৎপৰতাক বিশেষভাৱে শলাগ লয় প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ