বিশেষ বাৰ্তা, ২০ জানুৱাৰী : এপিএছচি কেলেংকাৰিত জড়িত ৰাকেশ পালৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে নাকচ কৰে ৰাকেশ পালৰ আবেদন। উল্লেখ্য যে ভঙাগড় থানাৰ গোচৰটোৰ শুনানিৰ স্থান স্থানান্তৰৰ বাবে আবেদন জনাইছিল ৰাকেশ পালে ৷ ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা গোচৰটো স্থানান্তৰৰ বাবে আবেদন জনাইছিল পালে। বিশেষ ন্যায়াধীশে গোচৰটো সন্দৰ্ভত একপক্ষীয়ভাৱে শুনানি গ্ৰহণৰ অভিযোগ আনিছিল ৰাকেশ পালে। শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাকেশ পালৰ উক্ত আবেদন নাকচ কৰে উচ্চ ন্যায়ালয়ে।
Prev Post
You might also like