🔴অনাগত সময়ত প্রতিবাদ জোৰদাৰ কৰাৰ হুংকাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিছে অধিবক্তা সমাজে৷ গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনে বিক্ষোভ প্রদর্শন কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয় প্রাংগণত বাৰ এছ’চিয়েচনে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয় যে চৰকাৰে সচিবালয়লৈ যাওক৷ কেইদিনমানৰ আগতে সচিবালয় নির্মাণ কৰা হৈছে৷ কিন্তু উচ্চ ন্যায়ালয় এটা ঐতিহাসিক মন্দিৰ৷ ১৯৪৮ চনৰ পৰা ই ঐতিহ্য বহন কৰি আছে৷ ১০০ কোটি টকাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নির্মাণ কৰিছে৷ উচ্চ ন্যায়ালয় স্থানান্তৰ হ’লে নতুন ভৱনৰ কি হ’ব? এই প্রশ্ণৰ উত্তৰ নাই৷ কোনোবা পুঁজিপতিক হোটেল বহাবলৈ দিব নেকি? মাদ্রাছ–ব’ম্বে উচ্চ ন্যায়ালয় তেনেদৰে চলি আছে৷ কিন্তু উকীল সমাজক নোসোধাকৈ চৰকাৰে কেনেকৈ এই সিদ্ধান্ত ল’লে? সেয়েহে প্রয়োজন হ’লে আগন্তুক সময়ত প্রতিবাদী কার্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও তেওঁ সকীয়াই দিয়ে৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ লগতে ৰংমহলত জুডিচিয়েল চিটী নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি আহিছে৷ বিশেষকৈ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰে অধিবক্তাসকলক সমস্যাত পেলাব বুলি বাৰ এছ’চিয়েচনে মতপোষণ কৰি আহিছে৷ শেহতীয়াকৈ বাৰ এছ’চিয়েচনে সাধাৰণ সভাত পুনৰ চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰাৰ লগতে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷