🔹 বিদ্যালয়ৰ শ্রেণীকোঠাতেই কিয় বাছি ল’লে চৰম পথ ?
বিশেষ বার্তা, ২৯ ডিচেম্বৰ : নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও আৰবান চৰকাৰী হাইস্কুলৰ প্রধান শিক্ষক পার্থ সাৰথি লস্কৰে (৫৪) আজি বিয়লি বিদ্যালয়ৰ শ্রেণীকোঠাতে চিপ লগাই চৰম পথ বাছি লোৱাটোৱে চহৰখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি বিয়লি প্রায় চাৰি বজাত সংঘটিত হয় অবাঞ্ছিত ঘটনাটো৷ নগাঁও চহৰৰ পার্শ্বৱর্তী ডিমৰুগুৰি কালিবাৰীৰ পূবেৰুণ পথ নিবাসী লস্কৰে চৰকাৰী হাইস্কুলখনৰ প্রধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্রহণ কৰি সুচাৰুৰূপে কার্যনির্বাহ কৰি আছিল৷ তেওঁৰ আত্মহননৰ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চহৰখনত তীব্র চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ডিমৰুগুৰি কালিবাৰী অঞ্চলত শোকৰ ছাঁ পৰে ৷ চৰকাৰী আৰবান হাইস্কুল আৰু আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে,আজি নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ এজন শিক্ষকৰ বিদায় সম্বর্ধনা সভা আছিল৷ বিদ্যালয়ৰ প্রধান শিক্ষক পার্থ সাৰথি লস্কৰৰ পৌৰোহিত্যত সুকলমে সভাখন অনুষ্ঠিত হৈ যোৱাৰ পাছত বিয়লি বিদায়ী শিক্ষকগৰাকীক নিয়ম অনুসৰি সতীর্থ শিক্ষকসকলে ঘৰত থ’বলৈ যায়৷ কিন্তু সেই সময়ত বিদ্যালয়তে ৰৈ গৈছিল প্রধান শিক্ষক লস্কৰ৷ বিয়লি প্রায় চাৰি বজাত প্রধান শিক্ষক লস্কৰে বিদ্যালয়খনৰ সপ্তম শ্রেণীৰ ‘খ’ শাখাৰ শ্রেণীকোঠাৰ ভিতৰতে চিপ লগাই চৰম পথ বাছি লয় ৷ বিদ্যালয়খনৰ চতুর্থবর্গৰ এজন কর্মচাৰীয়ে সেয়া প্ৰত্যক্ষ কৰাত লগে লগে তেওঁ হুৱাদুৱা লগায়৷ কিছু সময়ৰ পাছত আন শিক্ষক–কর্মচাৰীসকলো বিদ্যালয়ত উপস্থিত হৈ ঘটনাটোৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে৷ লগে লগে নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ প্রধান শিক্ষকজনৰ আত্মহননৰ ঘটনাটো সন্দর্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ এই পর্যন্ত তেওঁৰ আত্মহননৰ কাৰণ পোহৰলৈ অহা নাই৷ ইপিনে, লস্কৰৰ প্রতিৱেশীসকলৰ পৰা জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা তেওঁ মানসিক চাপত ভুগি আছিল৷ অৱশ্যে কি কাৰণত তেওঁ মানসিক চাপ ল’ব লগা হৈছিল, সেই বিষয়ে লস্কৰে প্রতিবেশীক কাহানিও অৱগত কৰা নাছিল৷ অকাল মৃত্যুক সাবটি লোৱা লস্কৰে মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্রক ইহসংসাৰত এৰি যায়৷ তেওঁৰ ডাঙৰ পুত্র যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্র আৰু সৰু পুত্র এইবাৰৰ মেট্ৰিক পৰীক্ষার্থী৷
প্ৰেৰক কনক হাজৰিকা