ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : গুৱাহাটীৰ অন্যতম নৈ ভৰলুৰ পানী দূষিত হোৱাক লৈ উদ্বিগ্ণ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ এই সন্দর্ভত উচ্চ ন্যায়ালয়ে ৰুজু কৰা এটা নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি জলসম্পদ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমক মহানগৰীৰ চাৰিসীমাৰ ভিতৰৰ পৰা ব্রহ্মপুত্রলৈ বৈ যোৱা প্রতিটো পানীৰ উৎসৰ নমুনা সংগ্রহ কৰিবলৈ নির্দেশ দিছিল৷ ইয়াৰ ভিত্তিতে গুৱাহাটীৰ মাজেৰে ব্রহ্মপুত্রলৈ বৈ যোৱা পানীৰ উৎসসমূহৰ নমুনা সংগ্রহ কৰি জলসম্পদ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে প্রদূষণ নিয়ন্ত্রণ পৰিষদলৈ প্রেৰণ কৰিছে৷ যাতে এই নমুনাসমূহৰ সঠিক বিশ্লেষণ কৰিব পৰা যায়৷ গোচৰটোৰ শুনানিৰ সময়ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এই কথা সদৰী কৰিছে৷ ৰাজ্য চৰকাৰে প্রকাশ কৰা অনুসৰি প্রদূষণ নিয়ন্ত্রণ পৰিষদে শীঘ্রে ইয়াৰ প্রতিবেদন দাখিল কৰিব৷ ইফালে, নদী পুনৰুজ্জীৱিত কমিটীয়ে দাখিল কৰা একচন প্লেনৰ প্রতিবেদন ৰাজ্য চৰকাৰে গ্রহণ কৰিছে বুলিও আদালতৰ মজিয়াত সদৰী কৰে৷ এই প্রতিবেদনৰ ভিত্তিত গ্রহণ কৰিবলগীয়া ব্যৱস্থা সন্দর্ভত ৰাজ্য চৰকাৰে শীঘ্রে পুনৰ উচ্চ ন্যায়ালয়ক অৱগত কৰিব৷ নদী পুনৰুজ্জীৱিত কমিটীত সদস্য হিচাপে দায়িত্ব অর্পণ কৰা হৈছিল বন আৰু পৰিৱেশ বিভাগৰ সচিব, নগৰ উন্নয়ন বিভাগৰ সচিব, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত আৰু প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ আয়ুক্ত সচিবক৷ এই গোচৰটোৰ অহা ৩০ আগষ্টত পুনৰ উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব৷ উল্লেখ্য যে সোণাৰাম হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্রাক্তন ছাত্র প্রতাপ চন্দ্র দাসে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্র প্রেৰণ কৰি ভৰলুৰ পানী দূষিত হোৱাৰ বিষয়ে সদৰী কৰিছে৷ ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি ৪/২০২৩ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰটো ৰুজু কৰে৷ পত্রখনত দাসে সদৰী কৰিছিল যে মহানগৰখনৰ আৱর্জনাসমূহ পেলোৱাৰ ফলত ব্রহ্মপুত্রৰ উপনদী ভৰলু প্রদূষিত হৈ পৰিছে৷ যাৰ ফলত মহানগৰবাসীৰ স্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি হৈছে৷ নদীখনৰ পানী দূষিত হোৱাৰ ফলত সৃষ্টি হোৱা এই প্রতিকূলতাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰসহ সংশ্লিষ্ট কর্তৃপক্ষক কেইবাটাও নির্দেশ প্রদান কৰিছিল৷