নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্যমণ্ডিত বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ

🔹 ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহাসমাৰোহখন আগন্তুক ইংৰাজী নৱবৰ্ষৰ ১৪, ১৫ আৰু ১৬ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ’ব। তদুপলক্ষে কালি বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উক্ত মহাসমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰাৰ পূৰ্বে এখন সভা অনুষ্ঠিত হয়। য’ত উক্ত বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা আৰু বৰ্তমান ভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন শিক্ষাৰ্থীসকলে কিছু স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰসংগত লষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত উক্ত অনুষ্ঠানত উপস্হিত থকা বিদ্যালয়ৰে প্ৰাক্তন শিক্ষাৰ্থী তথা বৃহত্তৰ সমাজখনক নেতৃত্ব দিয়া বিশিষ্ট মুৰব্বী তথা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটিৰ পতাকা উত্তোলন কাৰ্যসূচীও সমাপন কৰা হয়। ইফালে, কেক কাটি, আতজবাজী ফুটাই অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি কামনা কৰে উপস্হিত সকলোৱে। সেয়ে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ ১৪, ১৫ আৰু ১৬ তাৰিখে অনুষ্ঠিত হʼবলগীয়া উক্ত সমাৰোহখনত সমাজৰ সৰ্বস্তৰৰ জনতাৰ অংশগ্ৰহণ আৰু সহায়-সহযোগিতা অন্ত:কৰণেৰে কামনা কৰিছে মহাসমাৰোহখনৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like