নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত একেখন চিতাতে শেষ শয়নত পতি-পত্নী, কাষতেই ভাতৃৰো চিতা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ একেখন চিতাতে স্বামী স্ত্ৰীৰ মৃতদেহ অন্তিম শয়নত উঠাৰ লগতে কাষৰ আন এখন চিতাত নিজ ভাতৃৰ মৃতদেহ সৎকাৰৰ এক হৃদয়বিদাৰক ঘটনাই শোকান্বিত কৰিছে বৃহৎ অঞ্চলৰ জনতাক। যোৱা শনিবাৰে অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত ৰয়িং আৰু মায়ডিয়াৰ মাজ অংশত দুৰ্ঘটনাত পতিত হৈ নুমলীগড় গ্ৰাম্য থানাৰ অন্তৰ্গত ঔগুৰি চাপৰিৰ একে পৰিয়ালৰ চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল শিশুসহ দুজনকৈ সদস্য। এই কৰুণ ঘটনাই গোলাঘাটৰ লগতে সমগ্ৰ অসমতে তীব্ৰ শোকৰ বন্যা বোৱাইছে। ঘটনা অনুসৰি যোৱা ২৫ জানুৱাৰী (শণিবাৰ)ৰ নিশা নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অধীনস্থ ৰজাবাৰি-ঔগুৰি চাপৰি গাঁৱৰ নিবাসী সূৰজ ছেত্ৰীসহ তেওঁৰ পত্নী মিনা ছেত্ৰী, কন্যা শিশু ৰশ্মী ছেত্ৰী, ভাই আৰু বোৱাৰী ক্ৰমে ৰঞ্জিত ছেত্ৰী আৰু হৰিমায়া ছেত্ৰী তথা মাহীৰ পুত্ৰ শদিয়াৰ অজয় ছেত্ৰীকে ধৰি পৰিয়ালটোৰ মুঠ ৬জন লোকে নিজা স্কৰপিঅ বাহনেৰে ফুৰিবলৈ বুলি অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ গৈছিল। কিন্তু দূৰ্ভাগ্যক্ৰমে ৰয়িং পোৱাৰ আগতেই তেওঁলোকৰ বাহনখন পাহাৰীয়া পথৰ পৰা বাগৰি ৫০০ ফুট দ খাৱৈত পৰেগৈ। দেওবাৰে সন্ধ্যা প্ৰায় ৫ বজাত সংঘটিত এই দুৰ্ঘটনাৰ খবৰ অৰুণাচল প্ৰদেশৰ স্থানীয় প্ৰশাসনে লাভ কৰাৰ পিচতে উদ্ধাৰ অভিযানত নামি পৰে আৰু হৰিমায়া ছেত্ৰী, ৰশ্মী ছেত্ৰী আৰু গাড়ীৰ চালক অজয় ছেত্ৰীক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিত্সালয়লৈ প্ৰেৰণ কৰে যদিও অজয় ছেত্ৰীয়ে পথতে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে আৰক্ষীৰ উদ্ধাৰ অভিযানত সোমবাৰে সূৰজ ছেত্ৰী, মিনা ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি কালি নিজ বাসগৃহলৈ পঠিয়াই হৈছে। অজয় চেত্ৰীৰ মৃতদেহ উক্ত দিনাই নিজ বাসগৃহ শদিয়ালৈ আনি তাতেই সৎকাৰ কৰে।‌ ইফালে আজি পুৱাই ৰজাবাৰি-ঔগুৰি চাপৰিৰ বাসগৃহত সুৰয, ৰঞ্জিত আৰু মীনা চেত্ৰীৰ মৃতদেহ পোৱাৰ লগে লগেই অনেক গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হয়। সৃষ্টি হয় এক শোকাকূল পৰিৱেশ। আহত হৈ থকা হৰিমায়া চেত্ৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি ঢলি পৰে। তেওঁক পুনৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘৰখনত থকা সূৰজৰ বিধৱা মাতৃ আৰু কনমানি ৰনক চেত্ৰী আৰু তেওঁৰ একেবাৰে কনমানি দূৰ্ঘটনাত আহত ৰস্নি চেত্ৰীও কান্দোনত ভাগি পৰে। পৰিয়ালৰ সকলো সদস্যৰ লগতে সমবেত হাজাৰজন লোক শোকবিহ্বল হৈ পৰে।

একেখন চিতাতেই উঠিল পতি পত্নীৰ মৃতদেহ : গাঁৱৰ হাজাৰোধিক জনতাই নিহত তিনিওজনৰে সৎকাৰ কৰিবৰ বাবে একপ্ৰকাৰৰ সমদল কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ঔগুৰি চাপৰিৰ নৈ কাষলৈ লৈ যায়। দুখনকৈ চিতা সাজি ৰাইজে সামাজিক নিয়ম অনুসৰি এখন পতি সুৰয আৰু পত্নী মীৰা চেত্ৰীক আৰু কাষতেই চিতা সাজি ভায়েক ৰঞ্জিত চেত্ৰীক সৎকাৰ কৰে। এক অবৰ্ণৰ্নীয় পৰিৱেশ। ঘৰখনত পুৰুষ বুলিবলৈ ৰৈ যোৱা সুৰযৰ ১২ বছৰীয়া পুত্ৰ ৰনক চেত্ৰীয়ে দুয়োখন চিতাৰে মুখাগ্নি কৰে। ইফালে উক্ত স্থলীত দেখা গল সম্প্ৰীতিৰ এক সুন্দৰ ছবি।‌ হিন্দু, মুছলিম সকলোৱে ওলাই আহি শেষ শ্ৰদ্ধাঞ্জলি জনাই সৎকাৰ কৰিলে তিনিজনৰে মৃতদেহ।

প্ৰেৰক  বিনন ফুকন

You might also like