নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ দুই হাত কাটিলে স্বামীয়ে

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : কাছাৰৰ ধলাইৰ জামালপুৰত সংঘটিত হল এক ভয়ংকৰ ঘটনা। পত্নী পৰকীয়া প্ৰেমত জড়িত থকাৰ সন্দেহত দাৰে আক্ৰমণ চলাই ঘপিয়াই পত্নীৰ দুই হাত কাটি পেলালে স্বামীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামালপুৰ অঞ্চলত। জানিব পৰা মতে, ৰফিক উদ্দিন আৰু ৰুবি বেগম নামৰ দুই স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনৰ পৰা পাৰিবাৰিক কাজিয়া চলি আহিছে। স্বামী ৰফিক উদ্দীনৰ সন্দেহ যে পত্নী ৰুবী বেগম পৰকীয়া প্ৰেমত জড়িত। আৰু সন্দেহক লৈ দুই স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনৰ পৰা বিবাদ চলিছিল। যোৱানিশা এই বিষয় লৈ দুয়োৰে মাজত পুনৰ কাজিয়াৰ সৃষ্টি হয়। আৰু কাজিয়াৰ সময়ত হঠাৎ দাৰে পত্নী ৰুবী বেগমক উপৰ্যোপৰি আক্ৰমণ আৰম্ভ কৰে স্বামী ৰফিক উদ্দীনে ৷ স্বামীৰ দাৰ আক্ৰমণ ৰুবী বেগমৰ দুই হাত দ্বিখণ্ডিত হৈ যায়। ইপিনে ঘটনা সংঘটিত কৰি পত্নীক ঘৰৰ মাজত ৰক্তাক্ত অবস্থাত পেলাই পলায়ন কৰে স্বামী ৰফিক উদ্দীনে। পিছে ঘটনাৰ খৱৰ পাই প্ৰতিবেশী লোকসকলে ৰুবী বেগম নামৰ মহিলাগৰাকীক ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত লৈ যায়। মহিলাগৰাকীৰ অবস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মহিলাগৰাকীক নিশাই প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like