নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলিপুৰদুৱাৰত গ্রেপ্তাৰ পলাতক ঘাতক স্বামী জগদীশ

🔹 নলবাৰীৰ চাঞ্চল্যকৰ পত্নী–পুত্র হত্যাকাণ্ড

🔹 জগদীশ হালৈৰ উচিত শাস্তিৰ দাবী শাহুৱেকৰ

নিয়মীয়া বার্তা, ২৮ ফেব্রুৱাৰী : অৱশেষত পৰহি নিশা নলবাৰী আৰক্ষীৰ জালত পৰিল শিহৰণকাৰী মাতৃ–পুত্রৰ হত্যাত অভিযুক্ত জগদীশ হালৈ৷ হত্যাকাণ্ডৰ ৮ দিন পাছত নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মাতৃ–পুত্রৰ হত্যাত অভিযুক্ত জগদীশ হালৈক৷ নলবাৰী সদৰ থানাৰ উপ–পৰিদর্শক মনোজ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অভিযুক্ত জগদীশ হালৈক আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্র অনুসৰি, পত্নী–পুত্রৰ হত্যাকাণ্ডত অভিযুক্ত জগদীশ হালৈয়ে আৰক্ষীৰ সন্মুুখত হত্যাকাণ্ডৰ বর্ণনা দিয়ে৷ উল্লেখ্য যে নলবাৰী চহৰৰ বৰসৰকুছিত যোৱা ১৯ ফেব্রুৱাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল মাতৃ–পুত্রৰ মৃতদেহ৷ নিজ গৃহৰ শোৱনী কোঠাৰ বিছনাত ৰহস্যজনকভাৱে জগদীশ হালৈৰ পত্নী কবিতা হালৈ আৰু বিশেষভাৱে সক্ষম ১৪ বছৰীয়া পুত্র ঋষিকেশ কাশ্যপৰ মৃতদেহ উদ্ধাৰ হয়৷ এই ঘটনাই সমগ্র জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ নলবাৰীৰ ইণ্ডাছইন বেংকত কর্মৰত জগদীশ হালৈয়ে হত্যাকাণ্ড সংঘটিত কৰিয়েই নিজ গৃহত তলা লগাই থৈ এএছ–১৪ এন–০১৩০ নম্বৰৰ স্কুটীখনেৰে ওলাই গৈছিল৷ নলবাৰীৰ ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ জে এল ভোজনালয় নামৰ এখন ধাবাৰ চৌহদত স্কুটীখন পার্কিং কৰি থৈ ধাবাখনৰ কর্মচাৰীক চাবিপাট দি ওলাই গৈছিল জগদীশ৷ গধূলি ঘূৰি আহিব বুলি গৈ পুনৰ ধাবাখনলৈ ঘূৰি অহা নাছিল জগদীশ৷ তাৰ পাছতেই অভিযুক্ত জগদীশ হালৈৰ ম’বাইল অফ হৈ আছিল৷ কবিতা হালৈৰ পৰিয়াল, আত্মীয়সকলে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছিল৷ জীয়েক–নাতিয়েকৰ হত্যা মানি ল’ব পৰা নাই কবিতাৰ মাতৃয়ে৷ জোঁৱায়েকৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলি জগদীশ হালৈৰ শাহুৱেকে কয়– আমাক ন্যায় লাগিবই৷ জীয়াৰী আৰু নাতিয়েকক পৰিকল্পিতভাৱে হত্যা কৰা বুলিও কবিতাৰ মাতৃয়ে অভিযোগ তুলিছে৷ তেওঁ কয়–জগদীশ হালৈৰ উচিত শাস্তি হ’ব লাগে৷ ইফালে, নলবাৰী সদৰ থানালৈ যোৱানিশা লৈ আহে জগদীশ হালৈক। আৰক্ষীৰ জেৰাত পত্নী-পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। আজি নলবাৰী আদালতত জগদীশ হালৈক হাজিৰ কৰোৱা হ’ব।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like