নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীৰ দাৰ ঘা*পত মৃ*ত্যু পত্নীৰ, হত্যাকাৰী নিবাস ৰাজবংশীক আটক

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। কালি চিলাপথাৰ থানাৰ অন্তৰ্গত গৌৰাঙ্গপুৰ গাঁৱৰ জিতেন্দ্ৰ নমঃশূদ্ৰৰ বাসগৃহত সংঘটিত হৈছে এই কাণ্ড। স্বামী নিবাস ৰাজবংশী (৩০) নামৰ যুৱকজনে পত্নী সৰস্বতী নমঃশূদ্ৰ (২৩)ক চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত শহুৰেক শাহুৱেক সাধনা নমঃশূদ্ৰকো আঘাত কৰে। যাৰ বাবে গুৰুত্বৰভাৱে আহত সাধনা নমঃশূদ্ৰক ইতিমধ্যেই চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে যদিও ইতিমধ্যেই স্থানীয় ৰাইজৰ তৎপৰাত আটক কৰা হৈছে স্বামী নিবাস ৰাজবংশীক। স্থানীয় ৰাইজে জনোৱা মতে আজি তিনিটা বছৰ পূৰ্বে একেখন গাঁৱৰে নিবাস ৰাজবংশীয়ে জিতেন্দ্ৰ নমঃশূদ্ৰৰ দ্বিতীয় কন্যা সৰস্বতী নমঃশূদ্ৰক বিবাহ কৰে। আৰু বৰ্তমান দুয়োগৰাকীৰ এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানক লৈ শহুৰেকৰ ঘৰতে  আছিল। স্বামী-স্ত্ৰীৰ মাজত কোনোধৰণৰ পাৰিবাৰিক সংঘাত নাই বুলি পৰিয়ালৰ লোকে জনাইছে যদিও শহুৰেকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ নিবাস ৰাজবংশীয়ে পত্নীক চোকা দাৰে ঘপিয়াই দিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় পত্নী সৰস্বতী নমশূদ্ৰৰ। লগতে আহত হয় শাহুৱেক সাধনা নমঃশূদ্ৰৰ লগতে নিজ ডেৰবছৰীয়া পুত্ৰ সন্তান। চিলাপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যেই ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক কৰবী দলে

You might also like