নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী পঞ্চায়ত সভানেত্ৰীৰ কাৰ্যকালত স্বামীৰ বিত্তীয় কেলেংকাৰি

🛑 প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামী জুব্বাৰ আলীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : ভৱানীপুৰ উন্নয়ন খণ্ডৰ ১০৪নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তত সংঘটিত এক বিত্তীয় কেলেংকাৰিৰ অভিযোগত গাও পঞ্চায়তখনৰ সভানেত্ৰী আইনুৰ নেহাৰৰ স্বামী জুব্বাৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ভৱানীপুৰৰ নকুছি গাঁৱৰ বাসিন্দা নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আইনুৰ নেহাৰৰ স্বামী এ আই ইউ ডি এফ নেতাৰূপে পৰিচিত আৰু নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰেই পূৰ্বৰ সভাপতি জুব্বাৰ আলীক আজি পুৱতিনিশা ভৱানীপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ভৱানীপুৰৰ এগৰাকী যুৱকে নিজ ভৱানীপুৰ গাও পঞ্চায়তত উন্নয়নমূলক আচনিৰ ধন ব্যয় সন্দৰ্ভত তথ্য জনাৰ আইনৰ অধীনত তথ্য বিচৰাৰ পিচতে দুৰ্নীতিৰ বিষয়ে ফাদিল হৈ যায়।অভিযোগ মতে, এবছৰৰো অধিক দিন পূৰ্বেই নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল শেষ হৈছিল যদিও চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ নামত প্ৰায় এক কোটি টকা বেংক একাউণ্টৰ পৰা হৰলুকী কৰাৰ অভিযোগত জুব্বাৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা গৈছে। অভিযোগ মতে, নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তণ সভানেত্ৰী আইনুৰ নেহাৰ সভানেত্ৰী হোৱাৰ সুযোগতেই জুব্বাৰ আলীয়ে উন্নয়নৰ ধন হৰলুকী কৰিছিল। আন এক উল্লেখ্য যে ভৱানীপুৰৰ খণ্ড উন্নয়ন বিষয়াই এক পত্ৰযোগে নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আইনুৰ নেহাৰ আৰু প্ৰাক্তন সচিৱ খণ্ডকাৰ আবুল কালামক ধনখিনি ঘূৰাই দিবলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছিল।আৰক্ষীয়ে জুব্বাৰ আলীক পঞ্চায়তৰ ধন হৰলুকীৰ অভিযোগত গ্ৰেপ্তাৰ কৰি এক গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে। স্থানীয় ৰাইজে নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী-সচিবৰ বিৰুদ্ধেও চৰকাৰে উচিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে। উল্লেখ্য যে জুব্বাৰ আলীয়ে বিগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থিত্বৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like