আজমল ফাউণ্ডেচনক ধনৰ যোগানঃ আইএইচএইচৰ সম্পর্ক আছে আল–কায়দাৰে
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ সন্ত্রাসবাদীৰে জড়িত থকা সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে বৰঙণি লাভ কৰা বুলি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে (এল আৰ অ’) কৰা অভিযোগক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ ইয়াৰ মাজতে এই অভিযোগ খণ্ডন কৰি অহা এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক পুনৰ উভতি ধৰিছে সংস্থাটোৱে৷ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে এক অপপ্রচাৰ চলোৱা বুলি কৰা অভিযোগ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি এল আৰ অ’ই টুইটাৰযোগে কয়– ‘এই তথ্যক অপপ্রচাৰ বুলি আখ্যা নিদিব৷ আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আই এইচ এইচ নামৰ সংগঠনটোৰ আল–কায়দাৰ সৈতে সম্পর্ক থকাৰ কথা ইতিমধ্যে তুৰস্ক চৰকাৰে প্রমাণ কৰিছে৷ সেয়া নৰেন্দ্র মোদী বা অমিত শ্বাহে কৰা নাই৷’
আনহাতে, টুইটাৰত এল আৰ অ’ই কয় যে ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ত দাখিল কৰা এফ চি আৰ এৰ ভংগৰ প্রতিবেদনক লৈ তেওঁলোকৰ স্থিতি এতিয়াও দৃঢ়৷ এই প্রতিবেদনৰ প্রতিটো দফাক লৈ আইনীভাৱে প্রত্যাহ্বান জনাবলৈও তেওঁলোক সাজু বুলি উল্লেখ কৰিছে টুইটাৰত৷ এই প্রসংগত এল আৰ অ’ই কয়– ‘ভাৰতত ইছলামিক মৌলবাদীৰ পৃষ্ঠপোষক পি এফ আইৰ সৈতেও আই এইচ এইচৰ সম্পর্ক আছে৷ অর্থাৎ পি এফ আই, আজমল ফাউণ্ডেচন আৰু আই এইচ এইচে মিলি মৌলবাদ বিয়পোৱাৰ লক্ষ্য বান্ধি লৈছে৷’
উল্লেখ্য যে লিগেল ৰাইটছ অবজাৰভেটৰীয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনলৈ বিদেশী সংস্থাই বৰঙণি আগবঢ়োৱা পুঁজিক লৈ প্রশ্ণ উত্থাপন কৰি আহিছে৷ পুঁজি আগবঢ়োৱা বিদেশৰ কেইবাটাও সংস্থাৰ সৈতে সন্ত্রাসবাদী সংগঠনৰ সম্পর্ক আছে বুলি এল আৰ অ’ই অভিযোগ কৰি আহিছে৷ এইক্ষেত্রত আজমল ফাউণ্ডেচনৰ লগতে আনফ’ৰ ফাউণ্ডেচনেও এনে সংস্থাৰ পৰা ধন লাভ কৰা বুলি এল আৰ অ’ই সদৰী কৰিছিল৷
বিগত সময়ছোৱাত এফ চি আৰ এৰ অধীনত লাভ কৰা ধনৰ অপব্যৱহাৰ কৰিছে বুলিও আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে সংগঠনটোৱে প্রকাশ কৰিছে৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি আজমল ফাউণ্ডেচনে মুঠ ৭০ কোটি টকা লাভ কৰিছিল যদিও ইয়াৰে মাত্র দুই কোটি টকাহে শিক্ষাৰ ক্ষেত্রত তেওঁ ব্যয় কৰিছে৷ অৱশ্যে এল আৰ অ’ই উত্থাপন কৰি অহা অভিযোগ প্রত্যাখ্যান কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বদৰুদ্দিন আজমলে মুখ্যমন্ত্রীৰ কার্যালয়ক উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে৷ তদন্ত হ’লে সকলো কথা স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰিছে সাংসদ আজমলে৷