নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি অবৈধ প্ৰেমিকৰে পলায়ন

🔹 পত্নীক বিচাৰি মানকাচৰ থানাত স্বামী চয়ন দাস

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মহেন্দ্ৰগঞ্জৰ পৰা এটি সন্তানৰ মাতৃক মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰডাংগা গাঁৱৰ ছাকোৱাদ ইছলাম নামৰ যুৱকজনে পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। জনৈক দেৱী আৰু মুছলমান যুৱক ছাকোৱাদ ইছলামৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি স্বয়ং দেৱীৰ স্বামী চয়ন দাসে সদৰী কৰে। অভিযোগ মতে, মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ চয়ন দাসৰ পত্নী দেৱীক মানকাচৰৰ জোৰডাংগা গাঁৱৰ ছাকোৱাদ ইছলাম নামৰ যুৱকজনে ১৮ ফেব্ৰুৱাৰীত পলুৱাই লৈ যায়। পত্নীক বিচাৰি মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ পৰা স্বামী চয়ন দাস উপস্থিত হয় মানকাচৰ আৰক্ষী থানাত। চয়ন দাসে জনোৱা অনুসৰি নগদ ৮০ হাজাৰ টকাৰ লগতে সোণৰ অলংকাৰ লৈ মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ এটা সন্তানৰ মাতৃ দেৱীয়ে অবৈধ প্ৰেমিক ছাকোৱাদ ইছলামৰ সৈতে পলায়ন কৰা ঘটনাই সমগ্ৰ মহেন্দ্ৰগঞ্জত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাক লৈ স্বামী চয়ন দাসে মহেন্দ্ৰগঞ্জ আৰক্ষী থানাৰ লগতে মানকাচৰ আৰক্ষী থানাত আজি  গোচৰ তৰে। চয়ন দাসৰ পত্নীয়ে তিনি বছৰীয়া কণমানি পুত্ৰ সন্তানক এৰি পলায়ন কৰাৰ পিছত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পত্নীক বিচাৰি চয়ন দাসে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। মানকাচৰ আৰক্ষীয়ে এতিয়া ছাকোৱাদ ইছলামক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like