নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : গো-মাংসৰ অবৈধ ব্যৱসায়ত জড়িত শুকুৰ আলীক আটক কৰি আগমনি আৰক্ষীক গতালে ৰাইজে । ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ বেলগুৰিৰ ১৭ নং ঘাইপথত আজি পুৱা ৫ বজাত আটক হয় শুকুৰ আলী । AS-01 D P-5469 নম্বৰৰ স্কুটীৰ ডিক্কীত আৰু এটা মোনাত প্ৰায় ৩০ কিলোগ্ৰাম গো-মাংস লৈ আগমনিৰ পৰা গৌৰীপুৰলৈ যাওঁতে ৰাইজে হাতে-লোটে ধৰে। উল্লেখ্য যে শুকুৰ আলীয়ে বংগৰ মাংসাইৰ পৰা গো-মাংস লৈ প্ৰতিদিনে কাহিলি পুৱাতে গৌৰীপুৰলৈ চালান দিয়ে । কাজিগাঁও থানাৰ অন্তৰ্গত মেদেৰটাৰী গাঁৱৰ শুকুৰ আলীয়ে আগমনিত ঘৰ ভাৰাত থাকি বংগৰ পৰা অবৈধভাৱে গো-মাংস সৰবৰাহ কৰি আহিছিল । অবৈধভাৱে ধন সংগ্ৰহকে ধৰি বিভিন্ন অসামাজিক কামত জড়িত শুকুৰ আলীয়ে টিকটকৰ অভিনেতা হিচাপে ছোচিয়াল মিডিয়াত আলোড়ন তুলিছিল । এইজন শুকুৰ আলীয়ে আজি গো-মাংসৰ অবৈধ ব্যৱসায়ত জড়িত হোৱাত ৰাইজে হাতে-লোটে ধৰি আগমনি আৰক্ষীক চমজাই দিয়ে । উল্লেখ্য যে যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা সাংসদ পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল শুকুৰ আলী । শুকুৰ আলীয়ে প্ৰতিদিনে পুৱতি নিশা বংগৰ পৰা ৩০/৩৫ কিলোগ্ৰাম গো-মাংস আনি ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল ।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়