তিনিশৰো অধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ, কঠোৰ হব ইমিগ্ৰেন্টছ এক্ট ১৯৫০
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত কয় যে ৰাজ্য চৰকাৰে ১৯৫০ চনৰ আইনখন কঠোৰভাৱে বলৱৎ কৰি অবৈধ বিদেশীক চিনাক্ত আৰু বিতাড়ন কৰিব । তেওঁ দাবী কৰে যে এই আইনৰ অধীনত জিলা আয়ুক্তসকলৰ অবৈধ প্ৰব্ৰজনকাৰীক বিদেশী বুলি ঘোষণা কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা আছে ।
বিধানসভাৰ বিশেষ অধিৱেশনত কংগ্ৰেছে নাগৰিকত্বৰ গুৰুত্ব বুজি নোপোৱাৰ অভিযোগ উত্থাপন কৰি ড০ শৰ্মাই কয় যে এজন দলীয় নেতাৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন বিদেশী । তেওঁৰ এই মন্তব্যৰে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰে । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে ‘ইমিগ্ৰেন্টছ এক্ট ১৯৫০’ (১৯৫০ চনৰ আইন) ৰূপায়ণ কৰিব, যাৰ ফলত জিলা উপায়ুক্তই অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব পাৰিব । তেওঁ কয় যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই আইনখনৰ বৈধতা সমৰ্থন কৰিছে, যাৰ ফলত চৰকাৰক বিতাড়নৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে । লগতে তেওঁ কয় যে যোৱা কেইমাহমানত তিনিশৰো অধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজন সদস্য বিদেশী, যিয়ে প্ৰমাণ কৰে যে দলটোৱে নাগৰিকত্বক গুৰুত্বসহকাৰে লোৱা নাই । ড০ শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে কেৱল ব্ৰিটিছ নাগৰিকত্ব অক্ষুণ্ণ ৰখাই নহয়, তেওঁৰ নাবালক সন্তান দুটিও ভাৰতীয় নাগৰিক নহয় ।