নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঞ্চত নৃত্যৰত অৱস্থাতে মৃত্যুক সাবটিলে মেধাৱী সৃজনাই

🔹 বৰছলাৰ গৰুডোবাত লক্ষ্মীপূজাৰ সাংস্কৃতিক সন্ধিয়াত অঘটন

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : বৰছলা সমষ্টিৰ গৰুডোবাত লক্ষ্মীপূজা উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত মঞ্চত নৃত্যৰত অৱস্থাতেই সৃজনা খটিৱৰা নামৰ এগৰাকী যুৱতীয়ে আকস্মিকভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃ্‌ষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৰছলা সমষ্টিৰ গৰুডোবাত পশ্চিম গৰুডোবা যুৱক সংঘই লক্ষ্মী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত আধুনিক নৃত্য কৰি থকা অৱস্থাতে ঢলি পৰি অকাল মৃত্যুক সাবটি লয় ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিষয়ত মেজৰ লৈ প্ৰথম ষান্মাষিকত অধ্যয়ন কৰি থকা ১৮ বছৰীয়া যুৱতী সৃজনা খটিৱৰাই ৷ মেধাৱী ছাত্ৰী সৃজনা খটিৱৰাৰ লগত কালি নিশা একেলগে নৃত্যত অংশ লোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়ন কৰা ৰাখী গৌতম নামৰ ছাত্ৰীগৰাকীয়ে জনায় যে পূৰ্বৰে পৰা কোনো আখৰা তেওঁলোকে কৰা নাছিল৷ কালি নিশা ১১ বজাৰ আগে আগে কিছু সময়ৰ বিৰতিৰ পিছে পিছে মাত্ৰ দুঘন্টা সময় আখৰা কৰে। ইয়াৰ পিছতেই নিশা ১১ বজাত অনুষ্ঠিত আধুনিক নৃত্যত নৃত্যৰত অৱস্থাতে হঠাত ঢলি পৰি কেইমুহূৰ্তমানৰ ভিতৰতে মঞ্চতে মৃত্যু হয় ৷ ইয়াৰ পিছতে উদ্যোক্তাসকলে যুৱতীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ কথা জনায় পশ্চিম গৰুডোবা যুৱক সংঘৰ সভাপতি পশুপতি নাথ বচগাই, উপ-সভাপতি ললিত খৰ্কাই ৷ আজি পুৱা বেলশিৰি নৈৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় মেধাৱী যুৱতীগৰাকীৰ৷ উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিলিখাবাৰী হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ কেইবাটাও বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল মেধাৱী ছাত্ৰীগৰাকী ৷ আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো শিলিখাবাৰী হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিষয়ত মেজৰ লৈ অধ্যয়ন কৰি আছিল মেধাৱী ছাত্ৰী সৃজনা খটিৱৰাই ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like