নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালী চেৰেলীয়া পথাৰত অঘটন

🔹 বিদ্যুৎস্পৃষ্ট হৈ মাতৃ-পুত্ৰ আহত
বিশেষ বার্তা, ১০ আগষ্ট : আজি পুৱা ৬ বজাত বিহালী চেৰেলীয়া পথাৰত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ-আৰু পুত্ৰ আহত হয়। বিদ্যুৎ পৰিবাহী ছিগা তাঁৰত লাগি এই অঘটন ঘটা বুলি জানিব পৰা গৈছে। দুয়োকে বৰ্তমান বিশ্বনাথ চাৰিআলি চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাপ্ত বাতৰি মতে নিশা ১০ মান বজাতে পুনম ৰাজপুতৰ ঘৰৰ সন্মুখত বিদ্যুৎ পৰিবাহী তাঁৰ এডাল ছিগি পৰি থকা  প্রত্যক্ষ কৰা হয় আৰু সেই অনুযায়ী বিদ্যুৎ বিভাগৰ মানুহক জনায় যদিও তেওঁলোকে লাইন নকটাত পুৱা ৫ বজাত গাঁওবুঢ়াক জনোৱা হয়। কিন্তু কোনো কামত নহাত পুৱা ৬ মান বজাত পুনম ৰাজপুতৰ ৮ বছৰীয়া পুত্ৰ ত্ৰিনয়নে গৈ তাঁৰডালত লাগি ধৰে। তাকে দেখি দৌৰি গৈ মাতৃ পুনমে এৰুৱাবলৈ চেষ্টা কৰাত তেৱোঁ লাগি ধৰাত কাষতে থকা ট্ৰেন্সফৰ্মাৰত কোনোবা এজনে গৈ ফিউজটো এৰুৱাই দিয়াত দুয়ো কথমপি ৰক্ষা পৰে। কাৰ গাফিলতিৰ বাবে এনে এক মাৰাত্মক ঘটনা সংঘটিত হবলৈ গৈ আছিল, এই লৈ এতিয়া গাঁওখনৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাৰণ পুনম ৰাজপুতে দিনহাজিৰা কৰি বৃদ্ধা মাতৃ-পুত্ৰসহ কোনোমতে জীৱন নিৰ্বাহ কৰি আছে। গতিকে চিকিৎসাৰ সম্পূৰ্ণ খৰচ আৰু উপযুক্ত ক্ষতিপূৰণ বিদ্যুৎ বিভাগে দিব লাগে আৰু কামত গাফিলতি কৰা কৰ্মচাৰীক উচিত শাস্তি বিহিব লাগে বুলি ৰাইজে দাবী জনাইছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like