নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ মাগুৰমাৰীত চাঞ্চল্যকৰ ঘটনা

🔹 পত্নী-পুত্ৰ থকা ঘৰত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ ৫০ ঊৰ্ধ্বৰ ব্যক্তি

নিয়মীয়া বাৰ্তা, ২২ জুলাই : ৰূপহীহাটৰ মাগুৰমাৰীত আজি পুৱতি নিশা এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ এগৰাকী ৫০ ঊৰ্ধ্বৰ ব্যক্তিক হত্যাৰ অপচেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷ চুলতান আহমেদ নামৰ লোকজনক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে অচিনাকি দুৰ্বৃত্তই। আজি পুৱতি নিশা ঘৰৰ পৰিয়ালৰ সৈতে শুই থকা অৱস্থাতে হানি-খুঁচি হত্যাৰ চেষ্টা চলায় লোকজনক।পত্নী আৰু পুত্ৰ থকা ঘৰখনতে লোকজনক ওচৰ-চুবুৰীয়াই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি লোকজন নগাঁৱৰ আদিত্য হাস্পতালৰ আইচিইউত মৃত্যুৰে যুঁজি আছে ৷ কোনে কি কাৰণত লোকজনক হত্যাৰ চেষ্টা চলালে, আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

প্ৰেৰক জহিৰুল ইছলাম

You might also like