নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত আৰম্ভ কৃষি বিকাশৰ অনিৰুদ্ধ যাত্ৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আৰম্ভ হৈছে কৃষি আৰু সহযোগীখণ্ডসমূহৰ বিকাশৰ অনিৰূদ্ধ যাত্ৰা। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত শেহতীয়াভাৱে ৰাজ্যখনত সৃষ্টি হোৱা বিভিন্ন কৃষি আন্ত:গাঁথনি আৰু ৰপ্তানিকেন্দ্ৰিক কৃষিৰ বিকাশে অসমৰ ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকসকলক পৰম্পৰাগত কৃষিৰ সলনি বাণিজ্যিক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। আজি গুৱাহাটীৰ দিশপুৰত থকা নেডফি কনভেঞ্চন চেণ্টাৰত ভাৰতীয় ঔদ্যোগিক মহাসংঘৰ উদ্যোগত অনুষ্ঠিত উত্তৰ-পূব গ্ৰাম্য সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিত্ত, প্ৰযুক্তি আৰু বজাৰ সংযোগীকৰণত গুৰুত্ব দি অনুষ্ঠিত হোৱা সমাৱৰ্তনখনত মন্ত্ৰী বৰাই কয় যে, বিগত এটা দশকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গ্ৰাম্য জনসাধাৰণৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিত্তীয় সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত এই বিশাল অঞ্চলটোত বিত্তীয় সেৱা, আন্ত:গাঁথনি, যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তিৰ সুচলতাই আজি গ্ৰাম্য জনসাধাৰণক প্ৰকৃতাৰ্থত স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত এটা সময়ৰ অৱহেলিত উত্তৰ-পূৰ্বাঞ্চল আজি দেশৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে আছিয়ান দেশসমূহৰো অসম প্ৰৱেশ দ্বাৰ হিচাপে পৰিগণিত হোৱাৰ ফলত আজি দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলতেই আজি গুৱাহাটী বিমান বন্দৰৰ কাৰ্গো আন্ত:গাঁথনিয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে। ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যন আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানি অভিকৰণৰ উদ্ধৃতি দি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৬-২৭ বৰ্ষৰ ভিতৰত অসমৰ পৰা হ’বলগীয়া কৃষিজাত পণ্য সামগ্ৰীৰ ৰপ্তানিকৃত মূল্যই ১০ হাজাৰ কোটি টকা স্পৰ্শ কৰাৰ লগতে বিগত ৭ টা বছৰত অসমৰ পৰা হোৱা এই সামগ্ৰীসমূহৰ ৰপ্তানিৰ হাৰ ৮৫ শতাংশতকৈও অধিক হৈছে। উত্তৰ-পূবৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত গাইগুটীয়া প্ৰচেষ্টাতকৈ সন্মিলিত প্ৰয়াহহে অধিক ফলপ্ৰসূ বুলিও তেওঁ মন্তব্য কৰে। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনিন্দ্ৰ শৰ্মা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰৱন্ধক লোকেন দাস, চি আই আইৰ উপাধ্যক্ষ ড০ পি কে শৰ্মা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ মুখ্য বিমান বন্দৰ বিষয়া অশ্বিন নাৰোঁহা, চি আই আইৰ প্ৰাক্তন অধ্যক্ষ আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক বৰুণ বৰপূজাৰীয়েও ভাষণ দিয়ে। অনুষ্ঠানত চি আই আই, অসমৰ কাৰ্যবাহী সঞ্চালক শান্তা শৰ্মাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন খণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

You might also like