নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহৃত শিক্ষয়িত্ৰীসহ গোৱালপাৰা আৰক্ষীত অপহৰণকাৰী যুৱকৰ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা ১৮ ছেপ্টেম্বৰত অপহৰণ কৰা শিক্ষয়িত্ৰীক লৈ অপহৰণকাৰী লম্পট যুৱকজন যোৱানিশা গোৱালপাৰাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে৷ উল্লেখ্য যে গৰৈমাৰীৰ হাতীপাৰা গাঁও নিবাসী তথা টুক্ৰাপাৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰী এগৰাকীক ১৮ ছেপ্টেম্বৰৰ বিয়লি বিদ্যালয়ৰ সমীপৰ পৰা হাতীপাৰাৰ ইব্ৰাহিম আলীৰ পুত্ৰ নুৰুল ইছলাম নামৰ লম্পট যুৱকজনে আন চাৰিজন লোকৰ সহযোগত যুৱতী শিক্ষয়িত্ৰীগৰাকীক অপহৰণ কৰিছিল৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সিদিনা সমগ্ৰ গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ আনহাতে উক্ত লম্পট যুৱকজনৰ সৈতে পৰিয়ালৰ লোকে শিক্ষয়িত্ৰীগৰাকীক ইতিপূৰ্বে বিয়াৰ প্ৰস্তাৱ দিছিল৷ শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাত ইয়াৰ প্ৰতিশোধকল্পে ১৮ ছেপ্টেম্বৰত অতি কৌশলেৰে যুৱতী শিক্ষয়িত্ৰীগৰাকীক অপহৰণ কৰে৷ সিদিনা শিক্ষয়িত্ৰীগৰাকীক গৰৈমাৰীৰ পৰা অপহৰণ কৰা বুলি পৰিয়ালৰ লোকে গৰৈমাৰী থানাত এখন এজাহাৰ দাখিল কৰে৷ জানিব পৰামতে গোৱালপাৰাত আত্মগোপন কৰা অপহৃত শিক্ষয়িত্ৰীগৰাকীক লৈ অপহৰণকাৰী যুৱক নুৰুল ইছলাম যোৱা নিশা গোৱালপাৰা জিলাৰ এখন আৰক্ষী থানাত আত্মসমৰ্পন কৰে৷ পিচত গৰৈমাৰী থানাৰ আৰক্ষীয়ে গোৱালপাৰাত আত্মসমৰ্পন কৰা অপহৃত শিক্ষয়িত্ৰী আৰু অপহৰণৰ মুল অভিযুক্ত নুৰুল ইছলামক নিজৰ জিম্মালৈ নিয়ে৷ গৰৈমাৰী আৰক্ষীয়ে আজি অপহৃত শিক্ষয়িত্ৰীগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিচত আমিনগাঁৱস্থিত আদালতত হাজিৰ কৰায়৷ আনহাতে অপহৰণকাৰী লম্পট যুৱক নুৰুল ইছলাম সম্প্ৰতি গৰৈমাৰী আৰক্ষীৰ জিম্মাত আছে৷
প্ৰেৰক আনোৱাৰ হুছেইন
You might also like