🔹 হোজাইৰ অপহৃতক ডিমাপুৰত উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : অসমৰ যুৱকক ডিমাপুৰলৈ অপহৰণ কৰি ৭/৮ জনীয়া দুৰ্বৃত্তৰ দলে মুক্তিপণ দাবী কৰে ৷ ভৰি-হাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ অপহৃতৰ পৰিয়াললৈ প্ৰেৰণ কৰি মুক্তিপণ দাবী কৰে অপহৰণকাৰীয়ে। হোজাই আৰক্ষীয়ে ডিমাপুৰৰ এক দুৰ্বৃত্তৰ দলৰ কবলৰ পৰা উদ্ধাৰ কৰে হোজাই জিলাৰ মোৰাঝাৰ বৰবালি গাঁৱৰ যুৱকজনক। হোজাইৰ যুৱকজনক হাত-ভৰি বান্ধি চলোৱা হৈছিল অকথ্য নিৰ্যাতন। ৭/৮ জনীয়া এটি দলে ডিমাপুৰৰ ৰে’ল বজাৰৰ পৰা অপহৰণ কৰিছিল শ্বৰিফুল আলম নামৰ যুৱকজনক। এটা ঘৰৰ ভিতৰত যুৱকজনৰ হাত-ভৰি বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰু তাৰ পাছত ফোনযোগে বাৰম্বাৰ শ্বৰিফুলৰ পৰিয়ালক মুক্তিপণ দাবী কৰিছিল। ধন নিদিলে শ্বৰিফুলক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল অপহৰণকাৰীয়ে। উপায়হীন হৈ শ্বৰিফুলৰ পৰিয়াল কাষ চাপিছিল হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰৱ গুপ্তাৰ৷ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দেৱস্থান উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সৰ্মিন্দৰ সিঙৰ সৈতে যোৱা আৰক্ষীৰ এটি অভিযানকাৰী দলে ডিমাপুৰৰ ইষ্ট পুলিচ ষ্টেচনৰ সহযোগত সংকটজনক অৱস্থাত উদ্ধাৰ কৰে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰবালি গাঁৱৰ তৈয়বুৰ ৰহমান চৌধুৰীৰ পুত্ৰ শ্বৰিফুল আলমক। উল্লেখ্য যে ডিমাপুৰ আৰক্ষীয়ে উক্ত চক্ৰটোৰ ৭জনকৈ লোকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰিছে।
প্ৰেৰক কিশলয় ডি গোস্বামী