নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ দিনে সন্ধান নোলাল ঢকুৱাখনাৰ বিজেপি নেতাৰ হত্যাকাৰীৰ

🔹 ক’ত নোহোৱা হ’ল সুনীল গগৈৰ ছিন্ন মুণ্ড

🔹 সুনীল গগৈৰ হত্যাৰ তদন্ত চিবিআইলৈ হস্তান্তৰৰ দাবী আছুৰ

নিয়মীয়া বার্তা, ৮ জুন : ৰাজ্য জোকাৰি যোৱা ঢকুৱাখনাৰ বিজেপি নেতা সুনীল গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আজি এসপ্তাহ পাৰ হ’ল। কিন্তু হত্যাকাৰীৰ কোনো শুংসূত্ৰ লাভ নকৰা আৰক্ষীয়ে আজিলৈ সন্ধান উলিয়াব নোৱাৰিলে মৃত সুনীল গগৈৰ ছিন্ন মুণ্ডৰ। ৭ দিনে সন্ধান নোলাল সুনীল গগৈৰ হত্যাকাৰীৰ। অপৰাধ অনুসন্ধান শাখা আৰু বিশেষ তদন্তকাৰী গোটেও বিচাৰি নাপালে সুনীল গগৈৰ ছিন্ন মুণ্ড। তদন্তৰ নামত যেন আৰক্ষীৰ কেৱল ভেঁকো-ভাওনা। এই কথাই যেন পুনৰ প্ৰমাণ কৰিলে ঢকুৱাখনাৰ বিজেপিৰ মণ্ডল কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডই। দিনৰ পিছত দিন ধৰি অভিযান চলায়ো আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে সুনীল গগৈৰ প্ৰকৃত হত্যাকাৰীৰ। নিৰ্জু স্বভাৱৰ, সামাজিক ক্ষেত্ৰত আগৰণুৱা বিজেপিৰ নেতা তথা ঠিকাদাৰজনক কোনে কি কাৰণত হত্যা কৰিলে, সেয়া আজিলৈকে স্পষ্ট নহ’ল। দুৰ্বৃত্তক ধৰাটো দূৰৈৰে কথা, সামান্য ক্লু এটাও লাভ কৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে ১ জুনৰ নিশা নৃশংস হত্যাকাৰীয়ে অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱৰ প্ৰয়াত লেখন গগৈৰ ৩৮ বছৰীয়া পুত্র সুনীল গগৈক। ঘৰৰ পৰা ৩০০ মিটাৰ নিলগৰ এখন চোমনিত উদ্ধাৰ হৈছিল সুনীল গগৈৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ। কাৰিকৰীগত সকলো কৌশল অৱলম্বন কৰি সকলো শক্তি প্রয়োগ কৰি দিনে-নিশাই তদন্ত কৰিও বাৰে বাৰে ব্যৰ্থ হৈছে অসম আৰক্ষী। সমান্তৰালকৈ ছিন্ন মুণ্ডৰো সন্ধান উলিয়াবলৈ সক্ষম হোৱাত যেন অসহায় হৈ পৰিছে অসম আৰক্ষী। অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে ঘটনাৰ তৃতীয় দিনা ঘটনাস্থলীত উপস্থিত হৈ এঘণ্টাৰো অধিক সময় অপৰাধ অনুসন্ধান শাখা আৰু ফৰেনছিক গৱেষণাগাৰৰ বিশেষজ্ঞ লগত লৈ তদন্ত আৰু অনুসন্ধান কাৰ্যৰ তদাৰক কৰি সকলো সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি পৰৱৰ্তী সময়ত নিৰন্তৰভাৱে সকলো দিশ পর্যবেক্ষণ কৰি থকাৰ পিছতো কোনো সফলতা অর্জন কৰিব নোৱাৰা দিশটোৱে সকলোকে ভবাই তুলিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে প্ৰখ্যাত ফৰেনছিক বিশেষজ্ঞ কেশৱ কুমাৰেও উলিয়াব পৰা নাই ঘটনাৰ ক্লু। ঘটনাস্থলীৰ পৰা সুনীল গগৈয়ে পৰিধান কৰা টি-ছাৰ্ট, চেণ্ডেল, এখন দা, আধা জ্বলা বাঁহৰ টুকুৰা, এঙাৰ আৰু ছাই উদ্ধাৰ কৰিয়েই বিগত ৭টা দিনে অসহায় হৈ বহি ৰৈছে তদন্তকাৰী আৰক্ষী। ১ জুনৰ নিশা সংঘটিত ঘটনাস্থলীত ২ জুনৰ বিয়লি ৩.৩০ বজাত সঞ্চালকপ্রধানজনৰ নির্দেশ মর্মে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ মহাপৰিদৰ্শক দক্ষ আৰক্ষী বিষয়া সংযুক্তা পৰাশৰ, উত্তৰ অসম সংমণ্ডলৰ ডি আই জি বিজয় কুলি গাম আৰু ফৰেনছিক শাখাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং উপস্থিত হোৱাই নহয়, দুই-তিনি দিন ধৰি ঢকুৱাখনা আৰু উত্তৰ লখিমপুৰত বাহৰ পাতি অপৰাধীৰ সন্ধান উলিয়াবলৈ সকলো চেষ্টা কৰিছিল। একেদৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে নিজেই দিনে-নিশাই ঘাতকৰ সন্ধানত সম্ভাৱনা থকা সকলো দিশতে অনুসন্ধান চলোৱাৰ লগতে ঘনে ঘনে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে, কিন্তু ৭ দিনে সন্ধান নাপালে সুনীল গগৈৰ হত্যাকাৰীৰ।ৰাজ্য কঁপাই যোৱা এই নৃশংস হত্যাৰ আঁৰত জলজীৱন মিছনৰ ব্যাপক কেলেংকাৰিৰ যোগসূত্ৰ থকাৰ অভিযোগ উঠিছিল। জনস্থাস্থ্য কাৰিকৰী বিভাগৰ ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আৰক্ষীক ধৰাই দিয়াৰ বাবেই বিভাগীয় বিষয়া-ঠিকাদাৰৰ এটা চক্ৰই সুনীলক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছিল পৰিয়ালে। যদিও কেইজনমান লোকক সোধা-পোছা কৰাৰ বাহিৰে ঘটনাৰ আন কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। প্রশ্ন হয়, ৰাজ্য কঁপাই যোৱা এই নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক বিচাৰি উলিওৱাত কেতিয়া সফল হ’ব অসম আৰক্ষী ? আনহাতে, কেঁচু খান্দোতে সাপ ওলোৱাৰ সম্ভাৱনা থকাৰ বাবে আৰক্ষীৰ তদন্ত এটা স্তৰত স্থবিৰ হৈ পৰিব পাৰে বুলিও ৰাইজে শংকা প্রকাশ কৰিছে। উল্লেখ্য যে সকলোৰে মন-মগজু জোকাৰি যোৱা বৰ্বৰ হত্যাকাণ্ড সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) /৩০২/২০১/৩৪ ধাৰাত এক গোচৰ (নং-৩৯/২০২৪) পঞ্জীয়ন হৈছে। ঘটনা সংক্রান্তত এতিয়ালৈকে ৮জনৰো অধিক লোকক সোধা-পোছ কৰা হৈছে যদিও কাকো গ্রেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।ইফালে, স্থানীয় ৰাইজে শনিবাৰে সুনীল গগৈৰ ঘৰত সমৱেত হৈ হত্যাকাণ্ডৰ অনুসন্ধান আৰু তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইক দিবলৈ চৰকাৰক দাবী জনাই এক প্রস্তাৱ গ্রহণ কৰে। আনহাতে, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে অৰ্পণ কৰা অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিৰ তদন্তৰ ওপৰত বিশ্বাস হেৰুৱাইছে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থায়ো।ঢকুৱাখনা আছুৰ দাবী- শীঘ্ৰেই চিবিআইলৈ হস্তান্তৰ কৰক সুনীল গগৈৰ হত্যাৰ তদন্ত। হত্যাৰ বলি হোৱা সুনীল গগৈৰ ছিন্ন মুণ্ডটোকো উদ্ধাৰ কৰিব নোৱাৰা দুৰ্বল আৰক্ষীয়ে বিচাৰি পাবনে হত্যাকাৰীক নে ন্যায়ৰ অপেক্ষাত অসহায় হৈ দিন পাৰ কৰিব লাগিব দুৰ্ভগীয়া সুনীল গগৈৰ পৰিয়ালটোৱে?

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like