নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পৰ্যটন উদ্যোগৰ নৱতম সম্ভাৱনা কালদিয়া বনানী

কল্যাণ কলিতাৰ প্ৰতিবেদনঃ সময়ৰ লগে লগে সলনি হৈছে মানুহৰ চিন্তাধাৰাৰ৷ এটা সময়ত উপযুক্ত ব্যৱহাৰৰ অভাৱত বজালীৰ অতি পিছপৰা ঠাই হিচাপে পৰিচিত বালাপাৰা অঞ্চলৰ কালদিয়া নৈৰ পাৰৰ জয়াল ঠাইসমুহ এলাগী হৈ পৰি ৰৈছিল৷ কিন্তু আজি নিষ্ঠা, শ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে সেই পৰিত্যক্ত ভূমিভাগকে বজালীৰ উদ্যমী যুৱ সাংবাদিক হীৰেন কলিতাই কেইগৰাকীমান উৎসাহী যুৱকৰ সহযোগত পৰ্যটনৰ আকৰ্ষণীয় স্থলীলৈ ৰূপান্তৰ কৰিলে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় ছয় বছৰ পূৰ্বে ২০১৮-১৯ বৰ্ষত বৰপেটা আৰু বজালী জিলাৰ সীমান্তৱৰ্তী সৰুক্ষেত্ৰী সমষ্টিৰ অতি পিছপৰা এক গ্ৰামাঞ্চল বালাপাৰাত বজালীৰ উদ্যমী সাংবাদিক হীৰেণ কলিতাৰ নেতৃত্বত কেইজনমান শিক্ষিত যুৱকে হাতত লৈছিল এক সুদুৰ প্ৰসাৰী পৰিকল্পনা৷ নিজ গাওঁখনক অন্তৰৰ নিভৃতি কোণৰ পৰা ভালপোৱা হীৰেণ কলিতাই সপোন দেখিছিল নিজৰ ওপজা গাওঁখনক অন্য এক পৰিচয় দিয়াৰ৷ তাৰ পিছতে গাঁঠিৰ ধন ভাঙি, দেহে কেহে খাটি বহুদিনে অনাদৃত হৈ থকা এক বৃহৎ পৰিসৰৰ পতিত ভূমিত ৰোপন কৰিছিল সপোনৰ বীজ৷ যি বীজ আজি সমগ্ৰ অসমতে পৰিচিত “কালদিয়া বনানী” নামেৰে৷ উদ্যমী তথা অত্যুৎসাহী যুৱক হীৰেণ কলিতাই উপলব্ধি কৰিছিল যে বজালীকে ধৰি বৃহত্তৰ বজালী-বৰপেটা জিলাত পৰ্যটনৰ বহু সম্ভাৱনা লুকাই আছে৷ এক সুদুৰপ্ৰসাৰী চিন্তাৰে বজালীৰ মাজেৰে প্ৰৱাহিত কালদিয়া নৈৰ পাৰত বালাপাৰা গাওঁত আৰম্ভ কৰে এখন বনভোজ থলী। যাক নামাকৰণ কৰা হয় “কালদিয়া বনানী আৰু শিশু উদ্যান” নামেৰে৷ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশেৰে আবৃত বালাপাৰা এখন সুন্দৰ ঠাই ৷ কিন্তু সময়ৰ সতে খোজ মিলাই আগবাঢ়িবলৈ গাওঁখনৰ আন্তঃগাঠনি অতি দুৰ্বল৷ হিন্দু- ইছলাম ধৰ্মাৱলম্বলী লোকৰ সমন্বয়স্থলী বালাপাৰালৈ যাতায়াত কৰাটো এসময়ত বৰ কষ্টকৰ আছিল৷ বাৰিষাৰ বোকা পানীৰ কদৰ্যময় পথ আৰু খৰালিৰ ধুলিৰ ধুমুহাৰে আবৃত বাট-পথ৷ যাতায়াতৰ বাবে অতি কষ্টকৰ পথ অতিক্ৰমী বালাপাৰত বনভোজ খাবলৈ কোনোবাই যাব জানো বুলি বহুতেই সমালোচনা কৰাৰ বিপৰীতে কলিতাই দুজনমান যুৱকক লগত লৈ এনেকুৱা সমালোচনাক আওকাণ কৰি মৰ সাহসেৰে গাঠিৰ ধন ভাঙি একাণপটীয়াকৈ লাগিছিল সপোনক দিঠক কৰাৰ৷ উদ্দেশ্য আছিল বৃহৎ স্বাৰ্থ পূৰণ কৰা৷ প্ৰথম উদ্দেশ্য হ’ল অতি ভিতৰুৱা নিজৰ গাওঁখনক সমগ্ৰ অসমতে চিনাকি কৰি দিয়া৷ দ্বিতীয় উদ্দেশ্য বৃহত্তৰ অঞ্চলোটোত এখন সুপৰিকল্পিত বনভোজস্থলীৰ অভাৱ দূৰ কৰা৷ তৃতীয় উদ্দেশ্য হ’ল আত্ম সংস্থাপনৰ লগতে আন দুই চাৰিজনৰো সংস্থাপনৰ দিহা কৰা আৰু চতুৰ্থ উদ্দেশ্য হ’ল অসমৰ পৰ্যটনৰ ভেটি সুদৃঢ় কৰা৷ বিগত পাঁচটা বছৰে কৰা কঠোৰ পৰিশ্ৰমৰ ফলতে আজি প্ৰায় ত্ৰিশ বিঘা মাটি কালিৰে আবৃত “কালদিয়া বনানী” অসমৰ পৰ্যটন মানচিত্ৰত চিনাকী নাম হৈ পৰিছে আৰু লাহে লাহে উক্ত চাৰিটা উদ্দেশ্য সাৰ্থক হবলৈ গৈ আছে৷ মাজতে দুটা বছৰ কভিদকালীন বিপৰ্যয়ে কালদীয়া বনানীৰ উদ্যোক্তাক জুৰুলা কৰিছিল যদিও তাৰ পিছত নতুন উৎসাহেৰে লাগি পৰে বনানীখনত আন এক সংযোজন ঘটাবলে৷ কলিতাই লক্ষ্য কৰিলে যে বৃহত্তৰ অঞ্চলটোৰ শিশুসকল উমলি যামলিবলৈ এখন শিশু উদ্যানৰ বাৰুকৈ অভাৱ আছে৷ এই অভাৱক দুৰ কৰিবলৈ কালদিয়া বনানীৰ সতে সংযোজন ঘটালে এক শিশু উদ্যানৰ৷ “কালদিয়া বনানী” হৈ পৰিল বনভোজ থলী আৰু শিশু উদ্যান। এতিয়া এই উদ্যানত শিশুসকলে উমলিবলৈ বিভিন্ন সা সৰঞ্জামৰ পয়োভৰ ঘটোৱাৰ লগতে, নৌকা বিহাৰ, বিভিন্ন জুলনা, দোলন, এমজিআৰ, ট্ৰেম্প’লিন, শ্লাইদাৰ আদিৰ সুবিধা প্ৰদান কৰি শিশুসকলক যেন এক অন্য জগত দেখুৱাবলৈ সক্ষম হৈছে৷ বালাপাৰা অঞ্চলৰ বাবে অনাদি কালৰে পৰা আশীৰ্ব্বাদ স্বৰূপ হৈ অহা কালদিয়া নৈৰ পাৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই কালদিয়া বনানী একালত আছিল হাবি জংঘলে আবৰি থকা এক জয়াল অঞ্চল। সেই স্থানত বৰপেটা জিলাৰ মীন উন্নয়ন বিভাগৰ তৰফৰ পৰা এটি সমুহীয়া পুখুৰী আবন্টন দিছিল বালাপাৰা মীন উন্নয়ন SHGক৷ আৰু প্ৰকৃতাৰ্থত সেয়াই যেন আৰম্ভণি আছিল আজি সকলোৰে পৰিচিত হৈ পৰা “কালদিয়া বনানী”ৰ৷ সম্প্ৰতি কালদিয়া বনানী চচাইটীৰ উদ্যোগত চলি থকা কালদিয়া বনানীত কভিদকালীন লকডাউনৰ পিছৰে পৰা বনভোজৰ বতৰত পৰ্যটকেৰে লোকে লোকাৰণ্য হৈ পৰে। যিহেতু বৰপেটা আৰু বজালী জিলাৰ আন ক’তো মুকলি মুৰীয়াকৈ মানুহৰ ফুৰা চকা কৰাৰ সুপৰিকল্পিত ঠাই কতো নাই সেয়েহে এতিয়া অকল বনভোজৰ সময়তে নহয় বছৰৰ সকলো সময়তে পৰ্যটকৰে ভৰি থকা হৈছে এই বনানী। বনভোজৰ সময়ত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বহু লোকৰ সমাগম হোৱাৰ লগকে জুন, জুলাই মাহৰ গ্ৰীষ্ম বন্ধ আৰু পবিত্ৰ ঈদৰ সময়তো বীৰ দি বাট নোপোৱা অৱস্থা হয় এই বনানীত। এসময়ত দুৰ্বল যাতায়াতৰ বাবে অতি দুৰ্গম হৈ থকা বালাপাৰা এতিয়া কেবাটাও পকী পথেৰে সংযোজিত হৈ যাতায়াতৰ বাবে সুচল হৈ পৰিছে৷ এক কথাত কবলৈ গ’লে “কালদিয়া বনানী”য়ে যেন বালাপাৰাক এক নতুন পৰিচয় দিবলৈ সক্ষম হৈছে৷ সম্প্ৰতি এই বনভোজ থলীত অকল যে বনভোজ বা শিশু উদ্যানৰহে সুবিধা আছে তেনে নহয় গ্ৰামাঞ্চলৰ ৰাইজৰ বৌদ্ধিক বিকাশৰ কাৰণে সময়ে সময়ে গ্ৰন্থ উন্মোচন, কবিতাৰ অনুষ্ঠান, লৰা ছোৱালীৰ বিভিন্ন প্ৰতিযোগিতা আদিৰ উপৰিও অসমীয়া খাতি খোৱা চহা কৃষকৰ সাতমপুৰুষীয়া সম্প্ৰীতিৰ সংস্কৃতিৰ একতাৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰাৰ বাবে অসমৰ আটাইটকৈ জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভৰ উদ্যোগত একাধিকবাৰ অনুষ্ঠিত কৰিছে “ন খোৱা উৎসৱ”। সৰ্বস্তৰৰ ৰাইজৰ সহাৰিৰ প্ৰতি সন্মান জনাই উদ্যোক্তাসকলে কালদিয়া বনানীক আৰু অধিক আকৰ্ষনীয় কৰি তোলা আৰু মনোৰঞ্জন দিয়াৰ চিন্তা চৰ্চাৰে তেওঁলোকৰ পকেটৰ ধনেৰে আধুনিক সকলো সুবিধাৰে সমৃদ্ধ এটি তিনি হাজাৰ বৰ্গ ফুট আয়তনৰ চুইমিং পুলৰ নিৰ্মাণ কৰি পৰ্যটনথলীখনক অন্যতম মাত্ৰা প্ৰদান কৰিছে৷ গুৱাহাটীৰ আৰু বঙাইগাওঁৰ মাজৰ এক বৃহত্তৰ অঞ্চলৰ বাবে একমাত্ৰ চুইমিং থকা কালদীয়া বনানীত জলক্ৰীড়া কৰিবলৈ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈ যেন মানুহৰ সোত বয়৷ সম্প্ৰতি আন এক অভিলাষী পৰিকল্পনাৰে বনানীত থকা মাছৰ পুখুৰীৰ ওপৰত আধুনিক ডিলাক্স কটেজো নিৰ্মাণ কৰিছে৷ তাৰোপৰি ইয়াত অসমৰ বিভিন্ন জনগোষ্ঠীক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে জনগোষ্ঠীয় কটেজ নিৰ্মাণ কৰি শীঘ্ৰেই থকা খোৱাৰ সকলো ব্যবস্থা কৰিবলৈ আগবঢ়াৰ লগতে আধুনিক টেন্টৰ ব্যবস্থা সংস্থাপিত কৰা হব৷ এই বৃহৎ পৰিসৰৰ এলেকাটোক বহুমূখী ৰূপ দিয়াৰ লক্ষ্যেৰে শীঘ্ৰেই ইয়াত সংযোজিত হব কালদিয়া বনানী ডেছটিনেশ্যন৷ অলপতে কালদীয়া বনানীৰ নৈসৰ্গিত দৃশ্য উপভোগ অসম চৰকাৰৰ পৰ্যটন উন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও ব্যক্ত কৰিছে যে অনাগত সময়ত অসমৰ গ্ৰাম্য পৰ্যটনৰ নতুন ডেষ্টিনেশ্যন হব বজালীৰ বালাপাৰাস্থিত কালদিয়া বনানী বনভোজথলী আৰু শিশু উদ্যান। এনে এক প্ৰেক্ষাপটতে কব পাৰি যে সম্প্ৰতি কালদিয়া বনানীৰ উদ্যোক্তাসকলে যি সুদুৰপ্ৰসাৰী প্ৰচেষ্টা হাতত লৈছে সেয়া বাস্তৱত পৰিণত হ’লে কালদীয়া বনানী এদিন বজালী বা বৰপেটাৰে নহয় সমগ্ৰ অসমৰে পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পৰিণত হৈ অসমৰ পৰ্যটন উদ্যোগক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হব৷

You might also like