ৰেগিঙৰ বিৰুদ্ধে ১৯৯৯ চনতে প্রণয়ন হৈছিল আইন; অভিযুক্তৰ হ’ব পাৰে ছয় মাহলৈ কাৰাদণ্ড
- ৰেগিং প্রতিৰোধী আইনক ধোঁৱাচাঙত তুলি শিক্ষানুষ্ঠানত অব্যাহত আছে ৰেগিং
- আইনৰ ধাৰা–৪ৰ অধীনত ৰেগিঙৰ বাবে অভিযুক্তৰ হ’ব পাৰে ছয় মাহলৈ কাৰাদণ্ড
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: ডিব্রুগড় বিশ্ববিদ্যালয়ত শেহতীয়াকৈ সংঘটিত ভয়ংকৰ ৰেগিঙৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ ৰেগিঙৰ বাবে হাত–ভৰি আৰু ৰাজহাড় ভাগি কনিষ্ঠ ছাত্রই সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি হ’ব লগা হৈছে৷ সেয়াই নহয়, ৰেগিং কৰা ছাত্রৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে বিশ্ববিদ্যালয় কর্তৃপক্ষই সুৰক্ষা দিয়াৰো অভিযোগ উত্থাপন হৈছে৷ ৰেগিঙৰ ঘটনাই সৃষ্টি কৰা এনে প্রতিক্রিয়াৰ মাজতে পুনৰ চর্চালৈ আহিছে ৰেগিং প্রতিৰোধী আইনৰ কথা৷ ১৯৯৯ চনতে অসম বিধানসভাই অনুমোদন জনোৱা এই ৰেগিং প্রতিৰোধী আইন কার্যকৰী কৰাৰ ক্ষেত্রত কিন্তু কোনো এখন শিক্ষানুষ্ঠান তথা প্রশাসনে গুৰুত্ব নিদিলে৷ ফলত লুকাই–চুৰকৈ এতিয়াও অব্যাহত আছে ভয়ংকৰ ৰেগিঙৰ ঘটনা৷ আনকি নির্যাতিত ছাত্র–ছাত্রীয়ে শৈক্ষিক জীৱন নষ্ট হোৱাৰ শংকাত এনে ৰেগিঙক থাপিথুপি থৈছে৷ উল্লেখ্য যে ৰেগিং প্রতিৰোধী আইন–১৯৯৯ অনুসৰি যিকোনো শিক্ষানুষ্ঠানত ৰেগিঙত অংশগ্রহণ কৰা, ৰেগিং কৰা ছাত্র–ছাত্রীক ছয় মাহলৈ কাৰাদণ্ড দিয়াৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে৷ আইনখনৰ ৪নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো শিক্ষার্থীয়ে ৰেগিং কৰা বুলি প্রমাণিত হ’লে তেওঁক ছমাহলৈ জৰিমনাসহ কাৰাদণ্ড বিহিব পাৰে৷ সেয়াই নহয়, এই ধাৰাৰ অধীনত অপৰাধত দোষী সাব্যস্ত হোৱা যিকোনো শিক্ষার্থীক সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হ’ব আৰু আন কোনো শিক্ষানুষ্ঠানত তেওঁক ভর্তি কৰোৱা নহ’ব৷ আইনখনৰ ৫নং ধাৰা অনুসৰি ৰেগিং কৰা শিক্ষার্থীক সংশ্লিষ্ট শিক্ষানুষ্ঠানে চিহ্ণিত কৰি তেওঁৰ সন্দর্ভত আগশাৰীৰ বাতৰিকাকতত পিতৃৰ নাম প্রকাশ কৰি তেওঁক যে শিক্ষানুষ্ঠানখনৰ পৰা বহিষৃকত কৰা হৈছে, সেই সম্পর্কে সবিশেষ প্রকাশ কৰিব লাগে৷ লক্ষণীয়ভাৱে ৰেগিং প্রতিৰোধৰ বাবে এই আইনখনে শিক্ষানুষ্ঠানৰ মুৰব্বীকো যথেষ্ট ক্ষমতা প্রদান কৰিছে৷ ৰেগিং প্রতিৰোধৰ বাবে প্রতিখন শিক্ষানুষ্ঠানৰ মুৰব্বী তথা ৰেগিংবিৰোধী কমিটীৰ ৰেগিং সম্পর্কীয় যিকোনো ঘটনাৰ তদন্ত কৰি এই আইনৰ অধীনত শিক্ষার্থীক বহিষ্কাৰ কৰিব পাৰে, আৰক্ষীৰ ওচৰত অভিযোগ দিব পাৰে৷ গুৰুত্বপূর্ণ দিশটো হ’ল ৰেগিং প্রতিৰোধৰ বাবে আইন প্রণয়ন কৰাৰ পাছতো ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত এতিয়াও অব্যাহত আছে ৰেগিঙৰ দৰে ঘটনা৷ শেহতীয়াকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্রাৱাসত সংঘটিত ৰেগিঙৰ ঘটনাই পুনৰ স্পষ্ট কৰি তুলিছে কিদৰে একোখন শিক্ষানুষ্ঠানে এই আইনক নস্যাৎ কৰি ৰেগিং কৰা শিক্ষার্থীৰ সপক্ষে থিয় দিছে অথবা নির্যাতিত শিক্ষার্থীক ঘটনা সন্দর্ভত আইনৰ কাষ নাচাপিবলৈ বাধ্য কৰোৱা হৈছে৷