১৫ জুনৰ পৰা পুনৰ কঠোৰ ভাবে বলৱত্ হ’ব পাৰে ল’কডাউন !
নিয়মীয়া বাৰ্তা, ১১জুনঃ ঘাতক মহামাৰী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ চলি আছে কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা লকডাউন ৫ তথা আনলক ১ । এই পঞ্চম পৰ্যায়ৰ লকডাউনত বহু ক্ষেত্ৰতে শিথিলতা দিয়া হৈছে যদিও শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰা এক খবৰে সকলোকে চিন্তিত কৰি তুলিছে ।
ইপিনে, ৰাষ্ট্ৰীয় এক হিন্দী সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰে যে দেশত পুনৰ ১৫ জুনৰ পৰা লকডাউন কঠোৰ ভাবে বলৱত্ কৰা হ’ব ।
আনকি এই খবৰত পুনৰ ৰে’ল আৰু বিমান সেৱা বন্ধ কৰিব বুলিও উল্লেখ কৰিছে। যাৰ পিছতে সমগ্ৰ দেশতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
কিন্তু এই খবৰ প্রেছ ইনফৰমেছন ব্যুৰো চমুকৈ পি আই বি য়ে এই খবৰ সম্পূৰ্ণ ৰূপে ভুৱা বুলি প্ৰকাশ কৰিছে ।
दावा: सोशल मीडिया पर फैलाई जा रही एक फोटो में दावा किया जा रहा है कि गृह मंत्रालय द्वारा ट्रेन और हवाई यात्रा पर प्रतिबंध के साथ 15 जून से देश में फिर से पूर्ण लॉकडाउन लागू किया जा सकता है।#PIBFactcheck– यह #Fake है। फेक न्यूज़ फैलाने वाली ऐसी भ्रामक फोटो से सावधान रहें। pic.twitter.com/DqmrDrcvSz
— PIB Fact Check (@PIBFactCheck) June 10, 2020