নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াগৰাজৰ গংগা–যমুনা–সৰস্বতীৰ তীৰত মহাকুম্ভ মেলা

🔹 অসমবাসীক আমন্ত্রণ উত্তৰ প্রদেশৰ ৰাজ্যিক মন্ত্রী ৰবীন্দ্র জয়ছোৱালৰ

🔹 ৪৫০ নিযুততকৈও অধিক তীর্থযাত্রীৰ সমাগমৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : উত্তৰ প্রদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্রী ৰবীন্দ্র জয়ছোৱালে ২০২৫ চনৰ প্রয়াগৰাজ মহাকুম্ভৰ প্রচাৰৰ বাবে গুৱাহাটীত এটা বিশেষ অনুষ্ঠানত নেতৃত্ব দিয়ে৷ মন্ত্রী জয়ছোৱালে এই মহাকুম্ভ মেলাক বৈচিত্র্যৰ মাজত ভাৰতবর্ষৰ ঐক্যৰ প্রতীক হিচাপে অভিহিত কৰে আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ওপৰত আলোকপাত কৰি অসম আৰু উত্তৰ–পূবৰ জনসাধাৰণক অনুষ্ঠানটোত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায়৷ উল্লেখ্য যে অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্রুৱাৰীলৈ নির্ধাৰিত মহাকুম্ভ ইউনেস্কো স্বীকৃত ঐতিহ্যক্ষেত্র প্রয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতী নদীৰ তীৰত অনুষ্ঠিত হ’ব৷ মন্ত্রী জয়ছোৱালে ৪৫০ নিযুততকৈও অধিক তীর্থযাত্রী, সাধু–সন্ত তথা পর্যটক মহাকুম্ভত উপস্থিত থাকিব বুলি আশা প্রকাশ কৰে৷ মহাকুম্ভত প্লাষ্টিকবিহীন পৰিৱেশ, ৩ লাখ গছপুলি ৰোপণ, ৱেবছাইট, মোবাইল এপ, কিউ আৰ আধাৰিত পাছৰ লেখিয়া ডিজিটেল সঁজুলিৰ ব্যৱহাৰ হ’ব৷ উপস্থিত অভ্যাগতৰ প্রত্যাশিত প্রৱেশ সুচাৰুভাৱে নিয়ন্ত্রণ কৰিবলৈ স্মার্ট পার্কিং আৰু এ আই পৰিচালিত ক্রাউড মেনেজমেণ্ট প্রণালীও প্রস্তুত হ’ব৷ লক্ষ্যণীয় যে তীর্থযাত্রী, সাধু–সন্ত আৰু পর্যটকৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি একাধিক চিকিৎসালয়, বিশেষ সেৱা গোটকে ধৰি শক্তিশালী স্বাস্থ্যসেৱা প্রদান কৰা হ’ব৷ উত্তৰ প্রদেশ চৰকাৰে সমষ্ট লজিষ্টিক, ভিৰ নিয়ন্ত্রণ ব্যৱস্থাপনাৰ সমান্তৰালভাৱে সুৰক্ষা ব্যৱস্থাৰো বাস্তৱসন্মত সময় নিৰীক্ষণৰ হকে এটা অত্যাধুনিক ইণ্টিগ্রেটেড কন্ট্ৰ’ল কমাণ্ডো চেণ্টাৰো স্থাপন কৰিছে৷ চৰকাৰৰ তৰফৰ পৰা তীর্থযাত্রীৰ বাবে ট্ৰেডিঙৰ প্রযুক্তি ব্যৱহাৰ কৰি আছে৷ প্রত্যাশিত ৪৫০ নিযুত দর্শনার্থীক পৰিচালনা কৰিবলৈ আৰএফআইডি ৰিষ্টবেণ্ড, মোবাইল এপ, জিপিএছ আৰু কেমেৰা আধাৰিত প্রণালী ব্যৱহাৰ কৰা হ’ব৷ মুম্বাইৰ মেৰাইন ডাইভৰ পিছতে আর্হি প্রস্তুত কৰা ৪৪টা ঘাটত পুষ্পবৃষ্টি তথা নকৈ বিকশিত নদীৰ সমুখ ভাগত মহাকুম্ভৰ পৰিদৃশ্যমান, আকর্ষণীয় আৰু আধ্যাত্মিক উত্থানশীল অভিজ্ঞতা প্রদর্শনৰ প্রতিশ্রুতি দিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নেতৃত্বাধীন এই অনুষ্ঠানত সমগ্র দেশৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য বিশ্ববাসীৰ সন্মুখত প্রদর্শন কৰা হ’ব, সেয়ে সমগ্র ভাৰতবর্ষৰ লগতে বিশ্বব্যাপী সকলো লোককে এই পৱিত্র তীর্থযাত্রাত অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে উত্তৰ প্রদেশ চৰকাৰে৷

You might also like