মহাকুম্ভমেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন হ’ব অসমৰ সত্ৰীয়া সংস্কৃতি
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নৱবৰ্ষ উপলক্ষে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ৰাজ্যবাসীৰ মংগল কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চৰাত অনুষ্ঠিত মাজুলীৰ সাংবাদিকৰে এক মত-বিনিময়ত সত্ৰাধিকাৰগৰাকীয়ে কয় “সর্বে ভবন্তু সুখিন, সর্বে সন্তু নিৰাময়া, সর্বে ভদ্রানি পশ্যন্তু, মা কশ্চিদ দুঃখভাগ্ভবেৎ এই শ্লোকটো আমি সকলোৱে গাওঁ ঠিকেই কিন্তু কাৰ্যতঃ পৰিণত নহয়। সুখৰ ঠাইত বেছিভাগ মানুহে দুখহে পায়, নিৰোগীৰ ঠাইত বেছি ৰোগাক্ৰান্তহে হয় আৰু মংগলৰ হোৱাৰ সলনি অমংগলেই বেছি হয়। গতিকে আমি কামনা কৰিম যে নৈতিকতাৰ দুৱাৰখন যদি আমি খুলিব পাৰোঁ, আমাৰ যদি মানৱতাৰ দুৱাৰ খন খুলিব পাৰোঁ, আধ্যাত্মিকতা, মূল্যবোধৰ দুৱাৰখন খন খুলিব পাৰোঁ আমি নিশ্চয় সেই শ্লোকটো বাস্তৱ জীৱনত প্ৰতিফলিত কৰিব পাৰিম বুলি সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ৰাজ্যবাসীৰ মংগল কামনা কৰাৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। ইফালে সত্ৰাধিকাৰগৰাকীয়ে নৱবৰ্ষত আউনীআটী সত্ৰৰ বৈষ্ণৱ বৃন্দই ১২ বছৰৰ মূৰত হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনৰ বাবে যোৱাৰ প্ৰস্তুতি সন্দৰ্ভত কয়- আউনীআটী সত্ৰৰ ৪০গৰাকী বৈষ্ণৱৰ সৈতে কুম্ভমেলালৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ঋষি কেশৱ দাসৰ বিশেষ তৎপৰতাত কুম্ভমেলা দৰ্শনৰ এই প্ৰস্তুতি চলোৱা হৈছে। কুম্ভমেলাত মাজুলীৰ সত্ৰীয়া পৰিৱেশ আৰু সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশনৰ বাবে জনোৱা অনুৰোধ সাপেক্ষে কুম্ভমেলাত আউনীআটী সত্ৰৰ বৈষ্ণৱ শিল্পী সকলে শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট ‘ৰাম বিজয়’ প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰি আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য আৰু হিয়ানাম পৰিৱেশনৰ লগতে দহটা দিন কুম্ভমেলাত চাৰি প্ৰসংগ পৰিৱেশনৰ উপৰিও ভাগৱত ব্যাখ্যাৰ অনুষ্ঠানো কৰিব বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে কুম্ভমেলালৈ অসমৰ সত্ৰীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰি যাবলৈ পোৱাৰ এই সুযোগে তেওঁক বিশেষভাৱে আনন্দিত কৰিছে বুলি সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে আগন্তুক ৩০ জানুৱাৰীত সত্ৰাধিকাৰগৰাকীয়ে কুম্ভমেলা অভিমুখে ৰাওনা হোৱাৰ লগতে বৈষ্ণৱ সকল ৩১ জানুৱাৰীত কুম্ভমেলালৈ ৰাওনা হ’ব।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড