বিশেষ বাৰ্তা, ২৪ এপ্ৰিলঃ এদল পাষণ্ডৰ দলবদ্ধ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লোৱা যোৰহাটৰ বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল নুৰক (ৰিজু) আজি পুৱতি নিশা আৰক্ষীয়ে গুলিবিদ্ধ কৰে। পুৱতি নিশা অভিযুক্ত টোক লৈ যোৰহাট আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলিবৃদ্ধ হয় আব্দুল নুৰ ওৰফে ৰিজু । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কালি চাৰি দিনৰ জিম্মাত লোৱা আব্দুল নামৰ অপৰাধীটোৱে আৰক্ষীৰ জেৰাত বেদাংগ ভূষণ এডাল চোকা অস্ত্ৰৰে প্রহাৰ কৰা বুলি উল্লেখ কৰিছিল । সেই চোকা অস্ত্ৰ বিচাৰি বিভিন্ন স্থানলৈ আৰক্ষীক লৈ যোৱা হৈছিল।
পুৱতি নিশা অভিযান চলোৱাৰ সময়তে যোৰহাটৰ চিনামৰাৰ ডি আই জি বাংলাৰ সমীপত আৰক্ষীৰ চকুত ধূলি দি এজন কনিষ্টবলক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাৰী আব্দুল নুৰে। সেই সময়ত অভিযান কাৰি আৰক্ষীয়ে চাৰ্ভিচ পিষ্টলৰে নুৰলৈ গুলি চলানা কৰে আৰু অভিযুক্তৰ বাওঁ ভৰিত এটা গুলি লাগি আহত হয়।ইয়াত পিছত আৰক্ষীয়ে ততাতৈয়াকৈ গুলিবিদ্ধ নুৰক যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ নিয়ে আৰু সম্প্ৰতি চিকিৎসাধীন হৈ আছে অভিযুক্তটো।
আজি এখন সংবাদ মেলত এই কথা সদৰি কৰে যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই। আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে, বেদাংগ ভূষণ বৰুৱাক আক্ৰমণ কৰাৰ সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত পৰিয়ালৰ তৰফৰ পৰা এখন এজাহাৰ দিয়া হৈছিল।
সেই এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানাত ২০২/২০২৫ নম্বৰত বি এন এছৰ ১২৬(২)/১১৮(২)/১০৯(১)/৩/৫ ধাৰাত গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰা হৈছিল । চি চি টি ভি ফটো পৰীক্ষা কৰি ঘটনাৰ লগত জড়িত সকলক চিনাক্ত কৰা হৈছিল আৰু এই ঘটনাৰ মূল নেতৃত্বত আব্দুল নুৰে দিয়াটো স্পষ্ট হৈ পৰিছিল। পিছত তৎকালীন ভাবে প্ৰথমেই আব্দুলক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। কালি সকলো অভিযুক্তক আদালতত হাজীৰ কৰোৱাৰ পিছত আব্দুল নুৰ আৰু ৰমজান খানক চাৰি দিনৰ জিম্মাত দিয়াৰ লগতে আন আঠ জনক জেললৈ প্ৰেৰণ কৰা হয় বুলি সংবাদ মেলত যোৰহাটৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।
উল্লেখ্য যে যোৱা দেওবাবে যোৰহাটৰ চন্দন নগৰত অনুষ্ঠিত এক বিহু অনুষ্ঠান চাই নিশা ঘৰলৈ ঘূৰি অহাৰ সময়তে এদল সুৰা আৰু ড্ৰাগছ আসক্ত উদন্ড যুৱকৰ আক্ৰমণৰ বলি হৈছিল অঞ্চলটোৰ বেদাংগ ভূষণ বৰুৱাৰ নামৰ যুৱক জন। প্ৰায় বিশ জনীয়া দলটোৱে নিৰ্মম ভাবে আক্ৰমণ কৰি চোচোঁৰাই চোঁচৰাই নি এডোখৰ আন্ধাৰ ঠাইত পেলাই থৈ গৈছিল। পিছত স্থানীয় এজন যুৱকে তেওঁক উদ্ধাৰ কৰি প্ৰথমে যোৰহাট মেডিকেল কলেজ আৰু পিছত মিছন হস্পিটেললৈ নিয়ে যদিও দেওবাৰে পুৱা মৃত্যুক সাৱটি ললে বেদাংগই।এই ঘটনাৰ পিছত সমগ্ৰ যোৰহাটেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু দোষীক কঠোৰ ৰ পৰা কঠোৰতম শাস্তিৰ দাবী উঠিছিল।
যোৰহাটত চলি থকা ড্ৰাগচ নিৰ্মূল কৰা আৰু জনসম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী চৰম ব্যৰ্থ হোৱা বুলি অকপতে স্বীকাৰ কৰা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কালি এই সন্দৰ্ভত যোৰহাটলৈ অহা অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল।মুখ্যমন্ত্ৰী গৰাকীয়েও এই ক্ষেত্ৰত কঠোৰ হব বুলি কোৱাৰ পিছতেই যোৰহাট আৰক্ষী আজি সক্ৰিয় ৰূপত দেখা গৈছে জিলা খনত। আজি বেদাংগৰ তিলনীৰ দিনটোত চন্দন নগৰৰ ঘৰত এক শোককুল পৰিবেশৰ সৃষ্টি হয়। এক মাত্ৰ পুত্ৰক হেৰুৱাই শোকদগ্ধ হৈ পৰা পিতৃ ভূৱন চন্দ্ৰ বৰুৱাই কান্দি কান্দি কয় যে, এতিয়া দোষীক আৰক্ষীয়ে কৰায়ত্ত কৰিলেও মোৰ লৰাক আৰু ঘূৰাই নেপাম। কিন্তু এনে ঘটনা যেন আৰু কেতিয়াও নহয় সেইটো কামনা কৰিছো।ইফালে বেদাংগৰ ৰুগীয়া মাতৃ আজিৰ দিনটোত পুত্ৰৰ ফটোৰ সন্মুখত ৰৈ কেবল মুক হৈ থাকিল।
প্ৰেৰক ৰঞ্জিত ভূঞা