নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ পঞ্চায়ত নির্বাচনৰ পূর্বেই পুনৰ থানবান হ’ল বিৰোধী ঐক্য৷ নির্বাচন অনুষ্ঠিত হোৱাৰ পূর্বেই ৩৭খনকৈ জিলা পৰিষদৰ আসনত বিজেপি আৰু মিত্র দলে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ বিপৰীতে মিত্রতাৰ প্রসংগক লৈ এতিয়াও অভিযোগ–প্রতিভিযোগ ব্যস্ত আছে কংগ্রেছ আৰু আন বিৰোধী দলসমূহ৷ বিশেষকৈ আসন বুজাবুজিক কেন্দ্র কৰি শেহতীয়াকৈ ৰাইজৰ দল আৰু কংগ্রেছৰ মাজত সংঘাতে উক দি উঠিছে৷ শিৱসাগৰ সমষ্টিত পঞ্চায়ত আসনৰ বুজাবুজিৰ বাবে বিধায়ক অখিল গগৈয়ে আগবঢ়োৱা প্রস্তাৱ কংগ্রেছে নস্যাৎ কৰাৰ পাছতেই কংগ্রেছৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ অখিল গগৈৰ স্পষ্ট অভিযোগ– বিৰোধীক এক হ’বলৈ নিদিয়া মানুহজনেই হ’ল গৌৰৱ গগৈ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মিলি গৈছে যোৰহাটৰ সাংসদগৰাকী৷ উল্লেখ্য যে শিৱসাগৰ পুৰণি আৰু নতুন সমষ্টি মিলি মুঠ ৬খন জিলা পৰিষদত কংগ্রেছৰ সৈতে আসন বুজাবুজিৰ প্রস্তাৱ দিছিল বিধায়ক অখিল গগৈয়ে৷ বিধায়কগৰাকীৰ এনে প্রস্তাৱত যোৱা সময়ছোৱাত তিলমাত্রও গুৰুত্ব নিদিলে কংগ্রেছৰ শিৱসাগৰ জিলা কমিটীয়ে৷ কার্যতঃ কংগ্রেছৰ শিৱসাগৰ জিলা কমিটীৰ বিৰোধিতাৰ বাবেই ৰাইজৰ দলৰ সৈতে কংগ্রেছৰ আসন বুজাবুজি সম্ভৱ নহ’ল৷ আজি ইয়াকে লৈ বিস্ফোৰক অভিযোগেৰে সৰৱ হৈ পৰা অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ কংগ্রেছৰ নেতা শুভ্রমিত্র গগৈ সাংসদ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ৷ একেটা সময়তে এইজন শুভ্রমিত্র গগৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো অতি ঘনিষ্ঠ ব্যক্তি৷ গতিকে কোনোবা স্থানত গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ সৈতে মিলি গৈছে৷ যিসময়ত প্রতিখন জিলাতে বা প্রতিটো সমষ্টিতে বিজেপি আৰু অগপ একলগ হৈছে, তেনে সময়ত কংগ্রেছ আৰু ৰাইজৰ দল একত্রিত হ’ব নোৱাৰাৰ কাৰণ কি? সংবাদ মাধ্যমৰ আগত আজি অখিল গগৈয়ে কয়– আসন বুজাবুজিৰ বিষয়টোক লৈ মই গৌৰৱ গগৈক পত্র লিখিছো৷ আনকি গৌৰৱ গগৈয়েও বিষয়টো আলোচনা কৰি মোক জনাব বুলি কথা দিছিল৷ পৰৱর্তী সময়ত তেওঁক মই দুবাৰকৈ ফোন কৰিলো যদিও তেওঁ ফোন ৰিছিভ নকৰিলে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে গৌৰৱ গগৈয়ে শিৱসাগৰত ৰাইজৰ দলৰ সৈতে মিত্রতা কৰাৰ ইচ্ছা নাই৷ আনকি কংগ্রেছৰ ভিতৰৰ সূত্রৰ পৰাও আমি গম পাইছো যে গৌৰৱ গগৈয়ে বিৰোধী ঐক্যমঞ্চ হ’বলৈ দিয়া নাই৷ দৰকাৰত বিজেপিয়েই পঞ্চায়ত নির্বাচনত জিকক কিন্তু কংগ্রেছ আৰু ৰাইজৰ দল একত্রিত হ’ব নালাগে৷ যিগৰাকী গৌৰৱ গগৈক যোৰহাট সমষ্টিত লোকসভা নির্বাচনত বিজয়ী কৰাৰ ক্ষেত্রত ৰাইজৰ দলে দিন–ৰাতি এক কৰি দিলে, সেইজন গৌৰৱ গগৈয়ে বিৰোধী ঐক্য ভাঙোনত এই স্থিতি লোৱাটো অতি দুর্ভাগ্যজনক৷ ৰাইজৰ দলৰ সৈতে একেলগে নির্র্বাচন নেখেলি কংগ্রেছে প্রমাণ কৰিলে যে শিৱসাগৰত কংগ্রেছে বিজেপিক সহায় কৰিছে৷ কংগ্রেছৰ প্রতি ইমান সদিচ্ছা থকাৰ পাছতো গৌৰৱ গগৈয়ে সাপে খোট মৰা দি মাৰিব বুলি ভাবিব নোৱাৰি৷ অখিল গগৈয়ে পুনৰ কয়– পঞ্চায়ত নির্বাচনত পৃথক পৃথককৈ নির্বাচন অৱতীর্ণ হোৱা মানেই সকলো শেষ৷ ইফালে আন এক অভিযোগ তুলি ধৰি ৰাইজৰ দলৰ সভাপতিগৰাকীৰ মন্তব্য– প্রদেশ কংগ্রেছৰ সভাপতি নোহোৱালৈকে গৌৰৱ গগৈয়ে বিৰোধী ঐক্য হ’ব নিদিয়ে৷ শিৱসাগৰত নির্বাচনী বুজাবুজি হ’লে ভূপেন বৰাৰ সৈতে আমাৰ সম্পর্ক ভাল হ’ব বুলি গৌৰৱ গগৈয়ে শুভ্রমিত্র গগৈৰ জৰিয়তে এই মিত্রতাত বাধা দিছে৷ আনকি ভূপেন বৰাই শিৱসাগৰ জিলা কমিটীক স্পষ্টকৈ আসন বুজাবুজিৰ বাবে নির্দেশ দিয়াৰ পাছতো ওলোটাকৈ শিৱসাগৰ জিলা কমিটীয়ে এই মিত্রতাৰ প্রয়োজন নাই বুলি ভূপেন বৰাক মিত্রতা নকৰিবলৈয়ে হেঁচা দিছে আৰু এই সকলোবোৰ গৌৰৱ গগৈৰ নির্দেশতে হৈছে৷ ইফালে মিত্রতাৰ বিষয়টোক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো বিপৰীত স্থিতি গ্রহণ কৰা বুলি আজি অখিল গগৈয়ে অভিযোগ কৰে৷ অখিল গগৈয়ে কয়– দেৱব্রত শইকীয়াৰ সৈতে আমাৰ যথেষ্ট সম্পর্ক ভাল আছিল৷ কিন্তু হঠাৎ তেৱোঁ মিত্রতাৰ বিৰোধিতা কৰিছে৷ গতিকে ২০২৬চনৰ বিধানসভা নির্বাচনত ৰাইজৰ দলে নাজিৰা সমষ্টিত শক্তিশালী প্রার্থী প্রক্ষেপ কৰিব৷ আমি কংগ্রেছ আৰু বিজেপিক পৰাভূত কৰাৰ কাৰণে শক্তিশালীভাৱে নির্বাচনত অৱতীর্ণ হ’ম৷ মনকৰিবলগীয়া যে পঞ্চায়ত নির্বাচনৰ বুজাবুজিক লৈ বিধায়ক অখিল গগৈয়ে ভূপেন বৰালৈ এক পত্র লিখি বিষয়টো সন্দর্ভত স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে৷ কিন্তু আসন বুজাবুজি তথা মিত্রতাক লৈ কংগ্রেছে অখিল গগৈৰ প্রস্তাৱক কোনো গুৰুত্ব নিদিলে৷ যাৰ ফলত নির্বাচনৰ পূর্বেই পুনৰ ধূলিস্যাৎ হৈ পৰিল বিৰোধী ঐক্য৷