🔹 সমাগত দীপাৱলী : মৃৎশিল্পীলৈ অশনি সংকেত
বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : আলোকৰ উৎসৱ দেৱালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত বহুজাতিক কোম্পানীৰ বৈদ্যুতিক লাইটেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। ইয়াৰ ব্যতিক্ৰম নহয় চৰাইদেউ জিলাও। জিলাখনৰ সদৰ সোণাৰি নগৰৰ লগতে প্ৰায়বোৰ অঞ্চলৰ বজাৰেই বৈদ্যুতিক সামগ্ৰীৰে ভৰি পৰিছে। ইয়াৰ ফলত ক্ৰমশঃ এলাগী হৈ পৰিব নেকি মাটিৰ চাকি। এনে প্রশ্নই শংকিত কৰি তুলিছে মাটিৰ চাকি সজা মৃৎশিল্পীসকলক । তথাপি পিছহোঁহকি অহা নাই এই শিল্পবিধৰ লগত জড়িত পৰিয়ালসমূহ। জিলাখনৰ মৃৎশিল্পীসকলে এইবেলি সৰু-মজলীয়া, ডাঙৰ আকৃতিৰ মাটিৰ চাকি আগতকৈ বহু বেছি পৰিমাণে তৈয়াৰ কৰি বিক্ৰীৰ বাবে বজাৰত মেলি দিছে যদিও ইয়াৰ বিক্ৰী সন্তোষজনক হৈ উঠা নাই বুলি কেইবাজনো মৃৎশিল্পীয়ে জনাইছে। এইবাৰ দুপইচা লাভ পোৱাৰ আশাৰে মৃৎশিল্পীসকলৰ পৰিয়ালে লাখ লাখ মাটিৰ চাকি তৈয়াৰ কৰি দীপাৱলীক পোহৰেৰে উজলাই তোলাৰ মন মেলিছে। কিন্তু সময়ৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ বজাৰ তথা মানুহৰ ৰুচিৰো পৰিৱৰ্তন হোৱাত মৃৎশিল্পসকলৰ আশংকা বৃদ্ধি পাইছে। ৮-১০ বছৰ পূৰ্বে দীপাৱলীৰ সময়ত উখল-মাখল হৈ থকা পৰিৱেশ আজি আৰু নাই । মৃৎশিল্পী পৰিয়ালসমূহে কোনোমতে জীয়াই ৰাখিছে আজোককাৰ দিনৰ পৰস্পৰা। ইপিনে, বজাৰত মিঠাতেলৰ দাম বৃদ্ধিয়ে মৃৎশিল্পীসকলৰ বিপদ ঘনীভূত কৰিছে। কিয়নো, এইবাৰ দীপাৱলীত পূৰ্বৰ দৰে নজ্বলিব পাৰে মিঠাতেলৰ চাকি। এফালে ৰং-বিৰঙী বিজুলী সামগ্ৰীৰ ব্যাপক পয়োভৰ, আনফালে মিঠাতেলৰ আকাশলংঘী দামবৃদ্ধিৰ বাবে বজাৰত মাটিৰ চাকিৰ বিক্ৰী হ্ৰাস পোৱাৰ আশংকাত ভুগিছে মৃৎশিল্পীসকল।
প্ৰেৰক দীপাংকৰ পাল