🔴 মৰিগাঁৱত প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত জালিয়াতি
🔴 ৫২১খন ভুৱা এ টি এম কাৰ্ড জব্দ
বাৰ্তা বুৰো, ১৪ জুলাই : মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা এক অভিযানত কালি মহানগৰীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ ধন লুণ্ঠন কৰা চক্ৰৰ মাষ্টাৰ মাইণ্ড দিলোৱাৰ হুছেইনক। চাইবাৰ আৰু অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে চলি থকা অভিযানৰ সময়ত উদ্ধাৰ হৈছে ৫২১খন এ টি এম । প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত আবণ্টন হোৱা কোটি কোটি টকা ভুৱা হিতাধিকাৰী সৃষ্টিৰে লুণ্ঠন কৰা এই চক্ৰটোৰ এতিয়ালৈকে ৮জনক গ্ৰেপ্তাৰ কৰা হয়। । মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলি থকা অভিযানত আৰু অধিক ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে।
প্ৰেৰক প্ৰাঞ্জল দাস