🔹 বেজ-যাদু সম্ৰাট বিক্ৰমৰ যাদু প্ৰদৰ্শনীৰে মুখৰিত হ’ব মায়ং
🔹 পৰ্যটনকেন্দ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি
বিশেষ বাৰ্তা, ৪ আগষ্ট : যাদুবিদ্যাক কেন্দ্ৰ কৰি অসমত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা হৈছে এক ঐতিহাসিক মহোৎসৱ। মৰিগাঁও জিলাৰ পশ্চিম প্রান্তত অৱস্থিত ঐতিহ্যমণ্ডিত মায়ং-পবিতৰা অঞ্চলৰ পৰ্যটনকেন্দ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্রশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে মায়ং ইন্দ্রজাল যাদু মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্রস্তুতি চলোৱা হৈছে। অহা ১৮ আগষ্টত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব। আজি এই সন্দৰ্ভত মৰিগাঁৱৰ জিলা আয়ুক্ত তথা এই মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপোষক দেৱাশিস শৰ্মাই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজক সমিতিৰ বিষয়ববীয়া আৰু প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত এখন সংবাদ মেল সম্বোধন কৰে। অহা ১৮ আগষ্টৰ পুৱা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃতি আৰু ভালেসংখ্যক বেজ, স্থানীয় কলা-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ব। কাৰ্যসূচীৰ অংশৰূপে “মায়ঙৰ যাদু” শীৰ্ষক এখন ফটো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। বিয়লি ৪ বজাত মায়ঙৰ স্থানীয় বেজসকলৰ দ্বাৰা যাদু প্ৰদৰ্শন আৰু সন্ধিয়া ৬ বজাৰ পৰা যাদু সম্ৰাট বিক্ৰমৰ যাদু প্ৰদৰ্শন। ৮ বজাত সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মায়ঙৰ সমৃদ্ধ সাংস্কৃতিক আৰু যাদুবিদ্যাৰ ইতিহাস সামৰি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব। মায়ং ইন্দ্রজাল যাদু মহোৎসৱ হ’ব মৰিগাঁও জিলাৰ এক বিশেষ পর্যটনকেন্দ্রিক উৎসৱ। প্রস্তুতি বর্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ মনস্থ কৰা এই উৎসৱত পৰৱৰ্তী বৰ্ষবোৰত ভাৰতবৰ্ষৰ সকলো যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ বাবে পৰিকল্পনা কৰা হৈছে। এই উৎসৱৰ জৰিয়তে মৰিগাঁও জিলাৰ যাদু বিখ্যাত মায়ং আৰু এটা খড়্গযুক্ত গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ আন আন পর্যটন ক্ষেত্রসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক মর্যাদাসম্পন্ন স্থানত অধিষ্ঠিত কৰাই জিলাখনলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত অধিক হাৰত বোৱাই আনিব পৰা যাব বুলি আশা প্রকাশ কৰা হৈছে। প্রস্তুতি বৰ্ষৰ অন্যতম কাৰ্যসূচী হিচাপে মায়ঙৰ ভালেসংখ্যক বেজক সন্মুখত লৈ অঞ্চলটোৰ যাদুকৰী সভ্যতা-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহৰ প্রদর্শনেৰে এক অনন্য আৰু বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হ’ব। যাদুবিদ্যাৰ পৰম্পৰাগত বেজসকলৰ যাদু প্ৰদৰ্শনৰ লগতে যাদু সম্রাট বিক্ৰমৰ যাদুৰ মায়াজাল প্ৰদৰ্শন হ’ব উৎসৱৰ অন্য এক আকর্ষণীয় কাৰ্যসূচী। উৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা জিলা প্রশাসনে একান্তভাৱে কামনা কৰিছে। যাদুবিদ্যাক কেন্দ্ৰ কৰি মায়ঙত উদযাপন কৰিবলৈ লোৱা ইন্দ্রজাল শীর্ষক এই উৎসৱেই হ’ব সম্ভৱতঃ সমগ্র ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰতে প্রথম যাদুকেন্দ্রিক পৰ্যটন উৎসৱ। সেয়েহে এই উৎসৱক লৈ আয়োজকসকলৰ লগতে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো যথেষ্ট উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। মায়ং নামৰ উৎপত্তিৰ সৈতে কেইবাটাও লোককথা জড়িত হৈ আছে যদিও মায়া অৰ্থাৎ ভ্ৰম শব্দৰ পৰাই মায়ং নামৰ উৎপত্তি হৈছিল বুলি বহুতে ক’ব খোজে। এটা সময় আছিল যেতিয়া মানুহে যাদুৰ দেশখ্যাত মায়ঙলৈ যাবলৈ ভয় কৰিছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মায়ঙত কেৱল বগা যাদু (white magic)ৰহে প্ৰচলন ৰয়গৈ। ক’লা যাদুৰ সৈতে যিদৰে এটা নেতিবাচক দিশ জড়িত হৈ থাকে, বগা যাদুৰ সৈতে মানুহৰ কল্যাণ আৰু মংগলৰ দিশটোহে জড়িত হৈ থাকে। বৰ্তমান সময়ত বিজ্ঞান-প্ৰযুক্তি আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ ব্যাপক প্ৰসাৰৰ লগে লগে যাদুৰ বিশেষ প্ৰাসংগিকতা নাথাকিলেও মায়ঙৰ ঐতিহ্য বহন কৰি থকা যাদুৰ ইতিহাস আৰু বৈশিষ্ট্য সমগ্ৰ দেশতেই বিৰল। সেয়েহে এইসমূহৰ সংৰক্ষণৰ মাধ্যমেৰে পৰ্যটনৰ এখন নতুন দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত মায়ঙত পূৰ্বে প্ৰচলিত ক’লা যাদু, বগা যাদু, মন্ত্ৰ আদি প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হ’ব। পূৰ্বৰ মায়ঙত থুমুৰি বান মন্ত্ৰ, টেকেলী বান মন্ত্ৰ, আত্মা বন্ধনী মন্ত্ৰ, বিষ বান মন্ত্ৰ, শক্তি শেল মন্ত্ৰ, গ্ৰহণী বান মন্ত্ৰ, জ্বৰ বান মন্ত্ৰ, ডাইনী জপোৱা মন্ত্ৰ, উৰাণ মন্ত্ৰ আদি প্ৰচলিত আছিল। বৰ্তমান প্ৰচলিত মন্ত্ৰসমূহৰ ভিতৰত মহল বন্ধা মন্ত্ৰ, বিভিন্ন ৰোগ নিৰাময়ৰ মন্ত্ৰ, মোহিনী মন্ত্ৰ, বায়ু মন্ত্ৰ আদি অন্যতম। মহোৎসৱত এইসমূহ পৌৰাণিক মন্ত্ৰৰ চৰ্চা আৰু প্ৰদৰ্শনেৰে মায়ঙৰ ঐতিহ্য বহনকাৰী যাদুবিদ্যাক এক নতুন মাত্ৰা প্ৰদান কৰি উপস্থাপন কৰাৰ প্ৰয়াস কৰা হ’ব।