নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ অধ্যক্ষতাত ধুবুৰী মেডিকেল কলেজৰ পৰিচালনা কমিটীৰ বৈঠক

📌 পাৰ্কিং মাচুল হ্ৰাস, পূৰ্বৰ ১ ঘন্টাৰ ঠাইত এতিয়াৰে পৰা ৬ ঘন্টালৈ ২০ টকা

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ “যিহেতু ধুবুৰী মেডিকেল কলেজ মেনেজমেন্ট কমিটীৰ মই এগৰাকী অধ্যক্ষ, আমাৰ সান্ন্যালদা এগৰাকী সন্মানীয় সদস্য আৰু বিধায়কসকল আছেই সদস্য। গতিকে আমি আজি সিদ্ধান্ত লৈছোঁ যে মেডিকেল কলেজলৈ যি বাহন আহে, তাৰ পৰা নিয়মমাফিক পাৰ্কিং মাচুল লোৱা হয় ২০ টকাকৈ। কিন্তু এঘন্টাৰ বাবে নহয়; এতিয়া আমি ৬ ঘন্টা কৰিছোঁ। এতিয়া ২০ টকা দি বাহনখন ৬ ঘন্টা ৰাখিব পাৰিব। ৫ বাৰ অহা-যোৱা কৰক, ১০ বাৰ অহা যোৱা কৰক, একো নাই। পাৰ্কিংৰ কাৰণে এটা মাচুল গোটেই পৃথিৱীতে লয়, এইটো নতুন কথা নহয়। কিন্তু কোনো এগৰাকী ৰোগী, ৰোগীৰ অভিভাৱক, তেওঁলোকৰ খবৰ ল’বলৈ অহা মানুহে যাতে পাৰ্কিংৰ নামত কোনোধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ  আৰু সকলো ৰোগী আৰু অভিভাৱকক যাতে সদব্যৱহাৰ কৰে পাৰ্কিংৰ মানুহসকলে, তাৰ বাবেও আমি তেওঁলোকক কৈছোঁ। এতিয়াৰ পৰা ৬ ঘন্টা পৰ্যন্ত মাত্ৰ ২০ টকা দিলে হ’ল আৰু পৰৱৰ্তী সময়ত বাকী অঞ্চলত চৰকাৰী যি নিয়ম আছে, সেইটো হ’ব। গতিকে আমি ভাবোঁ- পাৰ্কিংটো এতিয়া মূৰৰ কামোৰণি নহয় কাৰো।”- আজি ধুবুৰী মেডিকেল কলেজৰ পৰিচালনা কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত উপস্থিত সাংবাদিকসকলক মেডিকেল কলেজৰ পাৰ্কিং মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো সদৰী কৰে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই। মেডিকেল কলেজৰ পৰিচালনা সমিতিৰ বৈঠকখনত কিদৰে ধুবুৰী মেডিকেল কলেজত নতুন সেৱা আগবঢ়োৱা যাব, সেই লৈও আলোচনা হয় বুলিও জনায় তেওঁ। আনহাতে, অহা ২০ আৰু ২১ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ধুবুৰী জিলালৈ অহা বিষয়ত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়- “আমি ধুবুৰীবাসী ৰাইজ ৰৈ আছোঁ তেখেতক আদৰিবলৈ। তিনিখন সভা হ’ব। কাৰ্য্যকৰ্তাসকলৰ এখন সভা হ’ব আমাৰ বিলাসীপাৰাত, য’ত ৩৩ হাজাৰ বিজেপি কাৰ্য্যকৰ্তা উপস্থিত থাকিব। কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন কৰা হ’ব, য’ত জনগণে অংশগ্ৰহণ কৰিব আৰু যোগ দিৱস আমাৰ ধুবুৰী চহৰত অনুষ্ঠিত হ’ব।” লগতে তেওঁৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য- “আমি ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ অহা মানেই বিকাশৰ বাবে হয়তো নতুন চিন্তা কৰি, ৰাইজৰ লগত কথা পাতিব। গতিকে নিৰ্দিষ্ট কোনো ঘোষণা বুলি কথা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া য’লৈকে যায়, তেখেতে চৰজমিন এক পৰ্য্যবেক্ষণ কৰে- কি কৰিব পৰা যায় ৰাইজৰ কাৰণে, ৰাইজৰ মনৰ কথা বুজে। আমি অধীৰ আগ্ৰহেৰে মুখ্যমন্ত্ৰীৰ বাবে ৰৈ আছোঁ। ধুবুৰীবাসী ৰাইজ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ সাজু হৈ আছে।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like