নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় মন্ত্ৰী শেখাৱটৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

📌 জল জীৱন মিছন-স্বচ্ছ ভাৰত অভিযান (গ্রাম্য)ৰ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা
বিশেষ বাৰ্তা, ৬ জুলাই : আজি নৰেন্দ্ৰ মোদী মন্ত্রীসভাৰ জলশক্তি বিভাগৰ মন্ত্ৰী গজেন্দ্র সিং শেখাৱটৰ অধ্যক্ষতাত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান (গ্রাম্য)ৰ ৰূপায়ণ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত ভাগ লয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰী বৰুৱাই অসমত এই দুয়োখন আঁচনিৰ অগ্রগতি সম্পৰ্কে এক সমীক্ষা দাঙি ধৰে। জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান (গ্রাম্য) ৰূপায়ণৰ ক্ষেত্ৰত মন্ত্ৰী গজেন্দ্র সিং শেখাৱটে সঘনে ৰাজ্যখনলৈ আহি প্রদান কৰা দিকদর্শনে যথেষ্ট উপকৃত কৰিছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়। তদুপৰি তেওঁ অনতিপলমে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও উল্লেখ কৰে।

You might also like