নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাহ্বান নেওচি কৃষি–অর্থনীতি শক্তিশালী কৰাৰ আহ্বান কৃষিমন্ত্রীৰ

🔹 অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা ২০২৫ উদ্বোধন অতুল বৰাৰ

বিশেষ বার্তা, ৫ জানুৱাৰী : উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা আঞ্চলিক কৃষি মেলা আৰম্ভ হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ মুখ্য পৃষ্ঠপোষকতাত তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত মেলাৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে কৃষিমন্ত্রী অতুল বৰাই অংশগ্রহণ কৰে৷ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্র দাস সোঁৱৰণী প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত কৃষিমন্ত্রী বৰাই কয় যে কৃষিক্ষেত্রত প্রচুৰ সম্ভাৱনা আৰু প্রত্যাহ্বান আছে৷ সেয়ে কৃষকৰ স্বার্থৰ বাবে চিন্তা কৰা হৈছে আৰু কৃষকক উপকৃত কৰাৰ বাবে ভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ লাহে লাহে কৃষিক্ষেত্রত পৰিৱর্তন হ’বলৈ আগবাঢ়িছে আৰু অন্যান্য ক্ষেত্রত জড়িতসকলেও কৃষিক্ষেত্রত জড়িত হ’বলৈ আগবাঢ়ি আহিছে৷ বিগত সময়ছোৱাত বহু কোটি টকাৰ মূল্যৰ কৃষি সামগ্রী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কৃষকক লাভান্বিত কৰাৰ বাবে সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ কৃষি বাণিজ্য সম্প্রসাৰণৰ জৰিয়তে ৰাজ্যখনৰ অর্থনীতি সলনি কৰিব লাগিব৷ কেনেদৰে বজাৰ দখল কৰিব পাৰি তাৰ বাবে প্রচেষ্টা হাতত ল’ব লাগিব৷ নতুন উদ্ভাৱনৰ দিশতো গুৰুত্ব দি নতুন পৃথিৱীৰ বাবে নিজকে দক্ষ কৰি ঈপ্সিত লক্ষ্যত উপনীত কৰিব লাগিব৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই আদৰণী ভাষণত কৃষিক্ষেত্রত সামগ্রিক পৰিৱর্তন ঘটাই কৃষি, কৃষক আৰু ইয়াৰ লগত জড়িত সকলোৰে মান উন্নত কৰিব লাগিব বুলি উল্লেখ কৰে৷ সঠিক উৎপাদনৰ বাবে সঠিক বীজ আৰু ব্যৱস্থাপনাৰ অতি প্রয়োজনীয় বুলি মত পোষণ কৰে৷ অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৰিয়হ আৰু ৰেপচিড গৱেষণা কেন্দ্রৰ সঞ্চালক ড০ পি কে ৰায়ে কয় যে উত্তৰ–পূবৰ কৃষিক্ষেত্রত অপাৰ সম্ভাৱনা আছে৷ আবণ্টিত ধনৰ সদ্ব্যৱহাৰ কৰি কৃষকৰ মাজলৈ যাব পাৰিলে এই দিশত লাভান্বিত হ’ব পৰা যাব বুলি উল্লেখ কৰি এইক্ষেত্রত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমিকাৰ শলাগ লয়৷ সাংসদ কামাখ্যা প্রসাদ তাছাই কয় যে কৃষি যান্ত্রিকীকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ সেয়ে যান্ত্রিকীকৰণৰ সমানে কৃষি গৱেষণাক পথাৰলৈ নিব পাৰিলে আমাৰ লাভ হ’ব৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্রসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত মেলা উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থৰ লগতে কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়৷ অনুষ্ঠানত উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ নির্বাচিত ৫জন কৃষকক সম্বর্ধনা জনোৱা হয়৷ এই অনুষ্ঠানৰ পিছতে আইচিআৰ ফার্মত অনুষ্ঠিত মেলাৰ দ্বাৰ মুকলি কৰে কৃষিমন্ত্রী অতুল বৰাই৷ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞানগুৰু ড০ প্রসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, পশু চিকিৎসা গৱেষণা সঞ্চালক ড০ প্রবোধ বৰা, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, ছাত্র কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি, মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ প্রদীপ ভূঞা, সহযোগী সম্প্রসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া, সমূহিক বিজ্ঞানগুৰু ড০ মামণি দাস প্রমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক–অধ্যাপিকাসকল, গৱেষক বিজ্ঞানীসকল, কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বীসকলৰ লগতে বহুসংখ্যক লোকে অংশগ্রহণ কৰে৷ আৰম্ভণিৰ দিনাই মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা উৎপাদিত AAU Select’ ব্রেণ্ডৰ সামগ্রীসমূহে ব্যাপক সমাদৰ লাভ কৰে৷ উল্লেখ্য যে ৪–৬ জানুৱাৰীলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ আইচিআৰ ফার্মত অনুষ্ঠিত হোৱা এই মেলাত অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ লগতে কৃষক, কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্রতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পর্যায়ৰ শিক্ষার্থীয়ে অংশগ্রহণ কৰিছে৷ অনুষ্ঠানত কৃষি প্রদর্শনী, কৃষিজাত প্রযুক্তিৰ প্রদর্শন, কৃষকৰ প্রশিক্ষণ, কৃষিভিত্তিক প্রতিযোগিতা, কৃষক–বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্র–ছাত্রীৰ মাজত প্রতিযোগিতা, কৃষি সম্পর্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

You might also like