কৰিমগঞ্জত ভগ্ন মথাউৰি ১৫ দিনত মেৰামতি : মন্ত্ৰী পীযুষ হাজৰীকা
🎯 জিঅ’ মেগা টিউব দি ভগা মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি
🎯 শিলচৰৰ বন্যাৰ্তৰো ল’লে খবৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মে’ : ৰাজ্যত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। বৰাক উপত্যকাত অভাৱনীয় হৈছে পৰিস্থিতি। বান পৰিস্থিতিৰ এই দুৰ্দশাৰ দিনত আৰ্তজনৰ কাষত থিয় দিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা। শিলচৰত উপস্থিত হৈ ৰাইজৰ খবৰ ল’লে মন্ত্ৰীগৰাকীয়ে। কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীৰ বৰ্ধিত পানীয়ে প্ৰায় বুৰাই পেলাবলৈ আৰম্ভ কৰা লোকনিৰ্মাণ বিভাগৰ পথ এটা ৰক্ষাৰ বাবে বিভাগে চলাই থকা কামৰ নিজেই গৈ বুজ লয় পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক এই পথটি চিঙাৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। কৰিমগঞ্জত যথেষ্ট ক্ষতিসাধন হৈছে। মথাউৰিত যিসমূহ ক্ষতি হৈছে সেইসমূহ অহা ১৫-২০ দিনৰ ভিতৰত মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰীকাৰ। জিঅ’ মেগা টিউব দি ভগা মথাউৰি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হাজৰীকাৰ। লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰি স্থায়ী সমাধান কৰাৰ আশ্বাস দিয়ে পীযুষ হাজৰীকাই। বেতুকান্দিৰ শ্লুইছ গেট সম্পূৰ্ণ কৰাৰ বাবে এবছৰ সময় লাগিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। এই শ্লুইছ গেট সম্পূৰ্ণ হ’লে বহু সমস্যাৰ সমাধান হ’ব। শ্লুইছ গেটৰ প্ৰসংগতে তেওঁ কয় যে বৰাক উপত্যকাক লৈ মুখ্যমন্ত্ৰী সচেতন, বিভাগ সচেতন, আমি সকলো সচেতন। সকলো দায়বদ্ধ বৰাক উপত্যকাক লৈ। অসমৰ বানপানীৰ সমস্যা ১০০ শতাংশ সমাধান নহলেও পাৰ্যমানে চেষ্টা কৰা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।লগতে তেওঁ বিভাগীয় লোকসকলে যথেষ্ট গুৰুত্ব সহকাৰে কাম কৰাৰ বাবে ক্ষয়-ক্ষতি কম হোৱা বুলি উল্লেখ কৰে। এনেদৰে আজি শিলচৰত বানাক্ৰান্ত লোকসকলৰ খবৰ লৈ আশ্বস্ত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।