নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেঠ মাহ উকলিবৰ হ’ল…

📌পানীৰ অভাৱত কঠীয়া সিঁচিব নোৱাৰি হতাশ কৃষকে পাৰ কৰিছে বিনিদ্ৰ ৰজনী

নিয়মীয়া বাৰ্তা, ৯ জুনঃ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰ কথা ঘোষণা কৰি লগতে বিভিন্ন আঁচনি আদি গ্ৰহণ কৰাৰ কথা কৈ আহিছে, তেনে সময়তে অসমৰ বহু স্থানত পানীৰ অভাৱত পৰি খেতিয়কে শালি ধানৰ কঠীয়া পাৰিব নোৱাৰি হতাশাত ভুগিব লগা হৈছে। ৰাজ্যত শালি খেতিৰ বতৰ সমাগত। বিগত কেইবামাহ ধৰি উপযুক্ত পৰিমাণৰ বৰষুণ নোহোৱাত বৰ্তমানেও পানীৰ কাৰণে কেৱল প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল উজনিৰ যোৰহাটকে আদি কৰি কেইবাখনো জিলাৰ খেতিয়ক আগবাঢ়িব পৰা নাই। যোৰহাট জিলাৰ কৃষিপ্ৰধান দক্ষিণ যোৰহাট, উত্তৰ পশ্চিম আদি অঞ্চলৰ পথাৰত এতিয়া ছিঁৰাল ফাট। জেঠ মাহত পাৰিবলগীয়া শালি খেতিৰ কঠীয়া কৃষকে অদ্যপৰিমিত পথাৰত পাৰিব নোৱাৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গত বৰ্ষত প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চাই আঁচনিৰ অধীনত যোৰহাট -তিতাবৰ জলসিঞ্চন বিভাগৰ উদ্যোগত দক্ষিণ যোৰহাট অঞ্চলৰ কৃষিভুমিত বহুসংখ্যক সৌৰশক্তি চালিত আৰু বিদ্যুত চালিত নলীনাদ আঁচনি স্থাপন কৰাত শতকৰা ২০ -২৫ শতাংশ কৃষকে উক্ত আঁচনিসমূহৰ পৰা কঠীয়া সিঁচাকে ধৰি বিভিন্ন খেতি কৰাত সকাহ পাইছে যদিও ৭৫ শতাংশ কৃষক উক্ত আঁচনিৰ পৰা অদ্যাপি বঞ্চিত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। একাংশ খোতিয়কে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চাই আঁচনিখন বন্ধ হৈ পৰাত বহু লোকে আবেদন কৰিও সৌৰশক্তি চালিত বা বিদ্যুত চালিত নলীনাদৰ পৰা বঞ্চিত হোৱা বুলি জনাইছে। শেহতীয়াকৈ নাবাৰ্দৰ জৰিয়তে যোৰহাট চৰাইবাহী মৌজাৰ অন্তৰ্গত ঢেকীয়াজুলি কঁহাৰ গাঁৱৰ চৰাইবাহী বৰপথাৰত লাহিংজান নৈৰ কাষত ৭৫ বিঘা কৃষিভূমি সামৰি এখন আঁচনি ৰূপায়ণৰ কাৰণে খনন কাৰ্য সম্পূৰ্ণ কৰিয়েই এৰি দিয়াত সেইখনো  ভালুকৰ সাঙীতহে পৰিণত হয়। আঁচনিখন সম্পূৰ্ণ হোৱা হ’লে বহু কৃষক উপকৃত হোৱাৰ লগতে নৈৰ কাষৰীয়া মাটিত শালি খেতিৰ কঠীয়া পাৰিবলৈ সুবিধা হলহেঁতেন বুলি কৃষকে জানিবলৈ দিছে। দেশে স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰিলে যদিও কোনো এখন চৰকাৰে কৃষকৰ সুবিধা অনুসৰি কৃষিভুমিত জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা কৰিব নোৱাৰাত আজিও ৰাজ্যৰ খেতিয়ক দয়াৰ পাত্ৰ হৈ কেৱল প্ৰকৃতিৰ ওপৰত ভৰসা কৰি জেঠ মাহ উকলি যাব ধৰাতো এমুঠি শালি কঠীয়া সিঁচিব নোৱাৰি মূৰে-কপালে হাত দি এজাক বৰষুণৰ অপেক্ষাত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like